উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা মাৰ্চত, পৰীক্ষা কেন্দ্ৰত থাকিব লাগিব এই ব্যৱস্থা

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা মাৰ্চত, পৰীক্ষা কেন্দ্ৰত থাকিব লাগিব এই ব্যৱস্থা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব। পৰীক্ষা পৰিচালনা কৰিবলৈ গঠন কৰা হৈছে উচ্চ স্তৰৰ কমিটী। ক’ৰোনা মহামাৰীৰ বাবে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱা পাঠদানৰ বাবে এইবাৰ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

পৰীক্ষা স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ বাবে শিক্ষা সংসদে লৈছে আন কেইবাটাও পদক্ষেপ। এই অনুযায়ী শিক্ষা সংসদে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ চৌহদত সু-উচ্চ দেৱালৰ লগতে ওচৰত চিকিৎসা কেন্দ্ৰ, ডাকঘৰৰ লগতে কেন্দ্ৰত চিচি টিভি কেমেৰা ৰখাৰ বাবে নিয়ম কৰা হৈছে। এই নিয়মৰ বাহিৰত থকা কেন্দ্ৰই এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সুযোগ নাপাব বুলি সদৰী কৰিছে শিক্ষা সংসদৰ সচিব ড০ ৰমেশ চন্দ্ৰ চুতীয়াই।

আনহাতে চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসূচী প্ৰকাশ কৰা হৈছে। সেই অনুয়ায়ী এইবছৰৰ ৪ মে’ৰ পৰা ১০ জুনলৈ অনুষ্ঠিত হ’ব পৰীক্ষা আৰু ফলাফল দিয়া হ’ব ১৫ জুলাইত। সংবাদ মেলত এই ঘোষণা কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে।

GTM Desk

Related