শিশুটিৰ দৃষ্টিশক্তি দুৰ্বল যদি আজিৰ পৰাই খাদ্যত যোগ দিয়ক এইসমূহ বস্তু…
চকু আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। চকুৰ সহায়তে আমি পৃথিৱীখন দেখা পাও। কিন্তু কৰোনাৰ সময়ছোৱাত মোবাইল ফোনৰ ব্যৱহাৰ আৰু অধিক বৃদ্ধি পোৱা দেখা গল। যাৰ বাবে সৰু ল’ৰা-ছোৱালীৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিছে। লগতে দৃষ্টিশক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱো পৰিছে। এনে পৰিস্থিতিত কিছুমান ঘৰুৱা উপায়ে এই সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বিষয়ে জানি লওক..
১.গাজৰঃ গাজৰ ব্যৱহাৰ কৰিলে দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰি। গাজৰত ভিটামিন এৰ লগতে এন্টি অক্সিডেন্ট ফাইবাৰ পটাছিয়াম থাকে যিয়ে চকুক সুস্থ কৰি তোলে। ইয়াত বিটা-কেৰটিন থাকে যিটো চকুৰ বাবে অতি উপকাৰী, ইয়াৰ লগতে, ৰাতি কম দেখা লোকসকলে ইয়াক নিজৰ খাদ্য তালিকাত নিশ্চয় অন্তৰ্ভুক্ত কৰিব লাগে, ই ৰেটিনাৰ স্বাস্থ্য উন্নত কৰাত সহায়ক।
২.বাদাম- যদি শিশুৰ দৃষ্টিশক্তি দুৰ্বল হৈছে তেনেহলে আপুনি তেওঁলোকৰ খাদ্য তালিকাত বাদাম অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত ভিটামিন ই থাকে, যাৰ ফলত চকু শক্তিশালী হয়। আপুনি প্ৰতিদিনে ৪ৰ পৰা ৫ টা তিয়াই থোৱা বাদাম খাব পাৰে। লগতে আপোনাৰ ল’ৰা-ছোৱালীকো খুৱাব পাৰে।
৩.পালেং শাক- পালেং শাকত ভিটামিন এ,ভিটামিন চি,ভিটামিন কে,মেগনেছিয়াম,মেগনেছিয়াম,আইৰণ প্ৰচুৰ পৰিমাণে থাকে, ই চকুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপোনাৰ শিশুৰ দৃষ্টিশক্তি দুৰ্বল হয়, তেন্তে আপুনি দৈনিক এগিলাচ পালেং শাকৰ ৰস অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত এন্টিঅক্সিডেন্ট গুণ পোৱা যায়, যিয়ে কেৱল ৰেটিনাৰ ক্ষতি ৰোধ কৰাই নহয়, চকু শক্তিশালী কৰাত ও অতি সহায়ক।
আমলা-আমলাত ভিটামিন চি থাকে, যিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰিব পাৰে, এনে পৰিস্থিতিত আপোনাৰ শিশুটিক আমলাৰ ৰস খাবলৈ দিয়ক।
ব্ৰকলিঃ ব্ৰকলিৰ ভিতৰত এন্টিঅক্সিডেন্ট গুণ পোৱা যায়। ইয়াৰ উপৰিও ইয়াত ভিটামিন প্ৰচুৰ পৰিমাণে থাকে, এনে পৰিস্থিতিত ইয়াৰ ব্যৱহাৰৰ দ্বাৰা শিশুৰ চকুৰ দুৰ্বলতা দূৰ কৰিব পাৰি।
ইলাচীঃ দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্ৰতো ইলাচী অতি উপযোগী। ঠাণ্ডা গাখীৰত ইলাচী পিহি মিহলাই গাখীৰ গৰম কৰি শিশুক খুৱাব। এই কাম কৰিলে চকুৰ দুৰ্বলতা দূৰ কৰিব পৰা যায়।