গেলেকীৰ দেওপানী ইটাখোলা খনা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।
নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী ইটাখোলাত নিজ জোৱায়েকে অতি নিষ্ঠুৰ ভাৱে হত্যা কৰি বাৰি চুকৰ এটা গাঁতত পুতি থোৱা অৱস্থাত খান্দি উদ্ধাৰ কৰে এজন ৬০ বছৰীয়া বৃদ্ধক ।
মৃতদেহটো চিকাৰী ঘাটোৱাৰ বুলি জানিব পৰা গৈছে।
চিকাৰী ঘাটোৱাৰক জোৱায়েক ,নিজ কন্যা আৰু নিজ পত্নীয়ে মিলি ১ জানুৱাৰী তাৰিখে এডাল কাঠৰ বাতামেৰে মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে হত্যা কৰি বাৰীত পুতি থৈছিল।
গোপন সূত্ৰে গেলেকীৰ আৰক্ষীয়ে লাভ কৰে এই খবৰ।
গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কোঁৱৰৰ নেতৃত্বতত পুৱতি ,নিশা প্ৰায় ২-৩০ মান বজাত আটক কৰে জোৱায়েক কমল ঘাটোৱাৰ, কমলৰ পত্নী মাইনা ঘাটোৱাৰ আৰু মৃত চিকাৰীৰ পত্নী ধনেশ্বৰী ঘাটোৱাৰ ।
পাৰিবাৰিক কন্দলৰ বাবে হত্যা কৰা হৈছিল চিকাৰী ঘাটোৱাৰক।
আজি নাজিৰা মহকুমাৰ দুগৰাকী কাৰ্যবাহী দণ্ডাধীশ , শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃদেৱজিৎ নাথ , মহকুমা আৰক্ষী বিষয়া সহ গেলেকী আৰক্ষীৰ তৎপৰতাত খান্দি উলিয়াই চিকাৰী ঘাটোৱাৰৰ মৃতদেহ । ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে হত্যাকাণ্ডত ব্যৱহৃত কাঠৰ বাতামডাল।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট