অনুষ্কাৰ অপমৃত্যুৰ বাবে দায়ী কোন? প্ৰেমিক ৰাহুল, জুনু নে ভাৰাঘৰৰ মালিক?
দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। অনুষ্কাৰ ভাৰাঘৰলৈও প্ৰায়ে গৈছিল ৰাহুল শইকীয়া। শনিবাৰে অনুষ্কাৰ ৰূমলৈ আহিছিল প্ৰেমিক ৰাহুল। CCTVত ধৰা পৰিছে ৰাহুল অনুষ্কাৰ ৰূমলৈ যোৱাৰ দৃশ্য।
মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত দেওবাৰে ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে। অনুষ্কা শইকীয়াৰ ৰহস্যজনক মৃত্যৰে নাম সাঙোৰ খাইছে প্ৰেমিক ৰাহুলৰ। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক সোধোপাছা কৰিছে দিছপুৰ আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। অনুষ্কাৰ ভাৰাঘৰলৈও প্ৰায়ে গৈছিল ৰাহুল শইকীয়া। শনিবাৰে অনুষ্কাৰ ৰূমলৈ আহিছিল প্ৰেমিক ৰাহুল। CCTVত ধৰা পৰিছে ৰাহুল অনুষ্কাৰ ৰূমলৈ যোৱাৰ দৃশ্য। জানিব পৰা মতে ৰাহুল অনুষ্কাৰ মাজত কিবা কথাক লৈ কিছুদিনৰ পৰা কাজিয়া হৈ আছিল। শনিবাৰেও দুয়োজনৰ মাজত কাজিয়া হৈছিল। ইনষ্টাগ্ৰামতো বিষাদগ্ৰস্ত পোষ্ট দিছিল অনুষ্কাই। ৰাহুলক আৰক্ষীয়ে সোধোপোছা কৰিছে।
উল্লেখযোগ্য যে হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ ৰমেশ ভৰালীৰ হাউচ নং ৩ত ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। দেওবাৰে পুৱাৰ ভাগত জুনু বৰা নামৰ বনকৰা মহিলাগৰাকীয়ে চিপ লোৱা অৱস্থাত দেখা পাইছিল অনুষ্কাক। এক্সটেনচন কৰ্ডেৰে চিপ লৈছিল অনুষ্কাই। জীয়াই থকা বুলি লগে লগে তাৰ কাটি অনুষ্কাক নমাই আনিছিল জুনু বৰা নামৰ বনকৰা মহিলাগৰাকীয়ে। জুনু বৰাই লগে লগে ঘৰৰ মালিকক খবৰ দিছিল আৰু সেই সময়তে আৰক্ষীক খবৰ দিছিল ঘৰৰ মালিকে।