বিশাখাপত্তনম আৰু ত্ৰিবান্দ্ৰমৰ পিছত ২৮ নৱেম্বৰত T-20ৰ ধামাকাৰ বাবে সাজু গুৱাহাটী

বিশাখাপত্তনম আৰু ত্ৰিবান্দ্ৰমৰ পিছত ২৮ নৱেম্বৰত T-20ৰ ধামাকাৰ বাবে সাজু গুৱাহাটী

কাইলৈ অৰ্থাৎ ২৮ নৱেম্বৰত গুৱাহাটীৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন T-20 মেচ। শৃংখলাখনত ২-০ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় ক্ৰিকেট দল। দেওবাৰে ত্ৰিবান্দ্ৰমত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত কেংগাৰু বাহিনীক ৪৪ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই।

ইপিনে, বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগা মেচৰ বাবে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হয় দুয়ো দল। খবৰ অনুসৰি ভাৰতীয় দল থাকিব জালুকবাৰীস্থিত ৰেডিছন ব্লুত। আনহাতে, অষ্ট্ৰেলিয়াৰ দলটো থাকিব খানাপাৰাৰ হোটেল ভিভান্টাত।

মঙ্গলবাৰে অনুষ্ঠিত হ’ব লগা মেচৰ বাবে বৰ্ষাপাৰাৰ ৫ আৰু ৬ নম্বৰ গেট খুলি দিয়া হ’ব দিনৰ ৩ বজাত। বাকী গেট সমূহ খুলি দিয়া দিব বিয়লি ৪ বজাত। ম’বাইল আৰু মানী বেগৰ বাহিৰে অন্য বস্তু আনিব নোৱাৰিব দৰ্শকে। ষ্টেডিয়ামৰ ভিতৰত থাকিব পানী, থাকিব খাদ্য বিপণী।

Shahnawaz Hamza

Related