মহানগৰীৰ উলুবাৰীৰ এপ’ল’ ক্লিনিকত উত্তপ্ত পৰিস্থিতি, ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ!

মহানগৰীৰ উলুবাৰীৰ এপ’ল’ ক্লিনিকত উত্তপ্ত পৰিস্থিতি, ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ!

মঙলবাৰে এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ক্লিনিকত। অভিযোগ অনুসৰি ভুল চিকিৎসাৰ বাবে মৃত্যু হয় ৰোগীগৰাকীৰ।

মৃত মহিলাগৰাকী কাহিলিপাৰা ভগদত্তপুৰৰ চন্দ্রা দাস (৫০)। কঁকালৰ বিষৰ বাবে চিকিৎসা কৰাইছিল এপ’ল’ ক্লিনিকত। সেই মৰ্মে চিকিৎসকে চিটি স্কেনৰ নিৰ্দেশ দিছিল। কিন্তু এটা বেজীৰ পিছতেই মহিলাগৰাকীৰ মুখৰ পৰা ফেন ওলাই আৰু পৰৱৰ্তী সময়ত মৃত্যু হয়।

ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰলোকে।টাউন এণ্ড কাউন্ট্ৰি প্লেনিঙত ক্লাৰীকেল পোষ্টত কৰ্মৰত আছিল চন্দ্ৰা দাস। ড৹ সিদ্ধাৰ্থ চাইগলৰ ওচৰত চিকিৎসাৰ কৰাই আছিল মহিলাগৰাকীয়ে।

কাইলৈ পুৱা জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব চন্দ্ৰা দাসৰ। তাৰপাছতে পোহৰলৈ আহিব মৃত্যুৰ ৰহস্য।

GTM Desk

Related