গুৱাহাটীত পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ, আঠগাঁৱত পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা লুটিলে সোণৰ চেইন

গুৱাহাটীত পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ, আঠগাঁৱত পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা লুটিলে সোণৰ চেইন

গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধজনিত কাৰ্যকলাপ ৷ একপ্ৰকাৰ অপৰাধীৰ নিয়ন্ত্ৰণত গুৱাহাটী মহানগৰ ৷

শুক্ৰবাৰে পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ ৷ আঠগাঁৱৰ কৱৰস্থানৰ সমীপতে বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাক পিষ্টল দেখুৱাই ডিঙিৰ পৰা থপিয়াই নিয়ে সোণৰ চেইন ৷

ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে এই সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰজু কৰিছে ৷ এতিয়া প্ৰশ্ন হয়, গুৱাহাটীত অপৰাধীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰখা অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰিবলৈ মহানগৰ আৰক্ষী সক্ষম হ’বনে ৷ এইয়া এতিয়া মহানগৰবাসীৰ লাখটকীয়া প্ৰশ্ন ৷

GTM Desk

Related