মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ মাজতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হ’ল এক জঘন্য ধৰ্ষণ ঘটনা। লম্পটৰ বলি এগৰাকী ১৩ বছৰীয়া কিশোৰী ৷ এই ঘটনা সংঘটিত হৈছে বিৰুবাৰীত ৷

দিগন্ত দাস নামৰ লোকজনৰ বিৰুদ্ধে উদ্থাপন হৈছে ধৰ্ষণৰ অভিযোগ ৷ ইতিমধ্যে ভূক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ফটাশিল- আমবাৰী থানাত দাখিল কৰিছে এজাহাৰ ৷

আনহাতে পলাতক অৱস্থাত আছে দিগন্ত দাস নামৰ যুৱকজন ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷

GTM Desk