গুৱাহাটী পৌৰ নিগমৰ ৩৯ পদৰ বিজ্ঞাপন

1 min read

অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ/ প্রাধিকৰণৰ অধীনস্থ গুৱাহাটী পৌৰ নিগমত(Office of the Guwahati Municipal Corporation) খালী হৈছে Office Assistantৰ ৩৯ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নিগমৰCommissioner–এ এক নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷

উক্ত খালী পদসমূহ গুৱাহাটী পৌৰ নিগমৰBranch আৰুDivisional Officeত পূৰণ কৰা হ’ব৷ প্রার্থী নিযুক্তি ১১ মহীয়া ঠিকাভিত্তিক চুক্তিত কৰা হ’ব৷ আবেদনকাৰী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে ইংৰাজী আৰু অসমীয়া টাইপিং কৰিব পৰা হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থী Typing, MS Word, MS Excel, Power Point পৰিচালনাত দক্ষ হোৱাটো বাঞ্ছনীয়৷ বয়স সর্বোচ্চ ৩০ বছৰ৷ নিযুক্তিপ্রাপ্তই মাহে ১৫,০০০ টকা লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.gmc.assam.gov.in আৰু https://services.gmcassam.in/application_portal3/new_jobseeker.php?id=10 লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৯ জানুৱাৰী, ২০২১৷

You May Also Like

More From Author