‘জনহিত মে জাৰি’ৰ নায়িকা নুচৰত ভাৰুচাৰ ইনষ্টাগ্ৰাম একাউণ্ট অশ্লীল মন্তব্যৰে ভৰাই পেলালে দুস্কৃতিকাৰীয়ে

‘জনহিত মে জাৰি’ৰ নায়িকা নুচৰত ভাৰুচাৰ ইনষ্টাগ্ৰাম একাউণ্ট অশ্লীল মন্তব্যৰে ভৰাই পেলালে দুস্কৃতিকাৰীয়ে

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নুচৰত ভাৰুচাক শীঘ্ৰেই ‘জনহিত মে জাৰি’ বোলছবিখনত এক পৃথক চৰিত্ৰত দেখা পোৱা যাব,কিন্তু ছবিখন মুক্তিপোৱাৰ আগতেই বাতৰিৰ শিৰোনাম দখল কৰিছে। নুছৰতৰ ছবিখন ১০ জুনত মুক্তি পাব।

ট্ৰেইলাৰ অনুসৰি জনপ্ৰিয় অভিনেত্ৰী নুসৰত ভাৰুচাক এই ছবিখনত এগৰাকী কণ্ডম বিক্ৰেতা হিচাপে সমাজৰ সৈতে যুঁজ দিয়া দেখিবলৈ পোৱা গৈছে। কিন্তু ছ’চিয়েল মিডিয়াত কিছুমান মানুহ আছে যিয়ে নুছৰতৰ এই ছবিখনক লৈ বিৰূপ মন্তব্য দিয়া দেখা পোৱা গৈছে।

আইএএনএছৰ এক প্ৰতিবেদন অনুসৰি, অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা কিছুমান পোষ্টত দুস্কৃতিকাৰীয়ে অশ্লীল মন্তব্যৰে ভৰাই পেলাইছিল। তেওঁ ইয়াকে লৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছিল, “কেইদিনমান আগতে, মই ইনষ্টাগ্ৰামত মোৰ চিনেমাখনৰ দুখন পোষ্টাৰ শ্বেয়াৰ কৰিছিলোঁ,য’ত মই এগৰাকী মহিলাক কন্ডমৰ প্ৰচাৰ কৰা দেখাইছিলোঁ কিন্তু মানুহে ইয়াক অন্য ধৰণে লৈছিল। সেয়েহে মই লাভ কৰা আটাইতকৈ বেয়া মন্তব্যবোৰ ভাগ বতৰা কৰাৰ সিদ্ধান্ত লৈছো।”

নুসৰতৰ উপৰিও এই চলচ্চিত্ৰ খনত পাভেল গুলাটি, অন্নু কাপুৰ, অনুদ ঢাকা আৰু পৰিতোষ ত্ৰিপাঠীকো দেখা গৈছে।

GTM Desk

Related