চছ্‌মা সলনি কৰিব হৈছে, কেনেকৈ গম পাব

চছ্‌মা সলনি কৰিব হৈছে, কেনেকৈ গম পাব

প্ৰায় ভাগ মানুহে  চছ্‌মা ব্যৱহাৰ কৰে যদিও সময় মতে চকু পৰীক্ষা কৰাই চছ্‌মা নসলোৱাৰ ফলত চকু নানা ৰোগত আক্ৰান্ত হ’ব পাৰে৷ সেই বাবে কমেও বছৰত চকুৰ লগতে চছ্‌মাযোৰ পৰীক্ষা কৰা উচিত৷ কেতিয়াবা চছ্‌মাত দাগ লগাৰ ফলত সেইযোৰ ব্যৱহাৰ উপযোগী হৈ থাকিলেও চকুৰ দৃষ্টি শক্তিত ব্যাঘাত জন্মাব পাৰে৷

◾দীৰ্ঘদিন ধৰি চকু পৰীক্ষা নকৰাকৈ চছ্‌মা ব্যৱহাৰ কৰি থাকিলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব পাৰে৷ চছ্‌মাযোৰ দৃষ্টি শক্তিৰ সৈতে মিল নাথাকিলে দেখা দিয়া সমস্যাক গুৰুত্বসহকাৰে ল’ব লাগে৷

◾কি কি লক্ষণে দেখা দিলে চছ্‌মা সলোৱাটো জৰুৰী৷

◾কোনো কাকত বা গ্ৰন্থ পঢ়াৰ সময়ত চকু যুৰি ক্লান্ত হোৱা যেন অনুভৱ হ’লে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শলৈ চছ্‌মা সলাব লাগে৷

◾কেতিয়াবা চছ্‌মাযোৰ হাতৰ পৰা পৰাৰ ফলত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিব পাৰে৷ তেনে চছ্‌মা ব্যৱহাৰ কৰি থকাৰ ফলত চকুৰ দৃষ্টি শক্তিত ব্যাঘাত জন্মিব পাৰে৷ সেই বাবে কোনো কাৰণত চছ্‌মাত দাগ লাগিলে তাৎক্ষণিকভাৱে পৰীক্ষা কৰি ব্যৱহাৰৰ উপযোগী হৈ আছে নে নাই সেই কথা জানিব লাগে৷ চিকিৎসকৰ পৰামৰ্শ মতে তেনে চছ্‌মা সলনি কৰি লোৱা উচিত৷

◾নিয়মীয়াকৈ চছ্‌মা পিন্ধাৰ পাছতো মূৰৰ বিষত আক্ৰান্ত হ’লে সেই ক্ষেত্ৰত কেতিয়াও অৱহেলা কৰিব নালাগে৷ চশমাযোৰো মূৰৰ বিষয়ৰ কাৰণ হ’ব পাৰে৷

◾কেতিয়াবা এটা বস্তুকে দুটাৰ দৰে দেখা যেন লাগিলে তাৎক্ষণিকভাৱে চকু চিকিৎসকৰ কাষ চাপিব লাগে৷ সাধাৰণতে দৃষ্টি শক্তি বাঢ়িলে এনে সমস্যাৰ সৃষ্টি হয়৷ এনে ‘ডাব’ল ভিজনে’ চকুৰ মাৰাত্মক ক্ষতি কৰিব পাৰে৷ সঘনাই এনে সমস্যাই দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লৈ চছ্‌মাযোৰ সলাই লোৱা উচিত৷

GTM Desk