দিনে পাঁচ ঘণ্টাতকৈ বেছি সময় স্মাৰ্টফোন ব্যৱহাৰ হ’ব পাৰে হৃদৰোগ, মেদবহুলতাৰ কাৰণ

দিনে পাঁচ ঘণ্টাতকৈ বেছি সময় স্মাৰ্টফোন ব্যৱহাৰ হ’ব পাৰে হৃদৰোগ, মেদবহুলতাৰ কাৰণ

স্মাৰ্টফোন এতিয়া প্ৰায় সকলোৰে অতি প্ৰিয় সংগ৷ আজিৰ দিনটোত হাতত এটা স্মাৰ্টফোন অবিহনে চলাৰ কথা কল্পনাও কৰিব নোৱাৰি৷ শিক্ষাৰ্থীসকলৰ মাজত এনে প্ৰৱণতা আৰু বেছি৷ পঢ়া-শুনা কৰাতকৈ অনেক শিক্ষাৰ্থী ব্যস্ত থাকে স্মাৰ্টফোনক লৈ৷ স্মাৰ্টফোনৰ পৰা কেনেকৈ নিজৰ ল’ৰা-ছোৱালীক আঁতৰাই ৰাখিব পাৰি তাক লৈ মূৰ ঘমাবলগীয়া হয় বহু ল’ৰা-ছোৱালীৰ অভিভাৱক অভিভাৱিকা৷ এই বিষয়কলৈ ইতিমধ্যে আৰম্ভ হৈছে গৱেষণাও৷ গৱেষকসকলে জনোৱা মতে দিনে পাঁচ ঘণ্টা বা তাৰ অধিক সময় স্মাৰ্টফোন ব্যৱহাৰৰ ফলত মেদ বৃদ্ধিৰ সমস্যা ৪৩ শতাংশ বৃদ্ধি পায়৷ গৱেষণাত ভাগ লোৱা সকলৰ ভিতৰত যিসকলে দিনে পাঁচ ঘণ্টা বা তাতকৈ অধিক সময় স্মাৰ্টফোনত ব্যস্ত থাকে তেওঁলোকৰ ২৬ শতাংশৰ ওজন বৃদ্ধি পায়৷ এনেলোকৰ ৪.৬ শতাংশ মেদ বৃদ্ধি পায়৷ অতিৰিক্তভাৱে স্মাৰ্টফোন ব্যৱহাৰে মানুহক কৰ্মবিমুখ কৰি তোলে৷ শাৰীৰিক পৰিশ্ৰমৰ মাত্ৰা কমি যায় যিবোৰ মধুমেহ, হৃদৰোগ, বিভিন্নধৰণৰ কেন্সাৰ, মেদবহুলতা আদি ৰোগৰ মুখ্য কাৰক হ’ব পাৰে৷

আজিৰ তাৰিখত স্মাৰ্টফোন ব্যৱহাৰ কৰাটো বিলাসিতা নহয়, প্ৰয়োজনীয়তাহে৷ কিন্তু স্মাৰ্টফোনৰ অতিৰিক্ত ব্যৱহাৰে স্বাস্থ্যকৰ জীৱন এটাৰো সমস্যাৰ কাৰণ হৈ পৰিব পাৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে মোবাইল ফোনৰ ব্যৱহাৰৰ সময় কম কৰিবলৈ প্ৰত্যেকে চেষ্টা ৰাখিব লাগে৷ ইয়াৰ লগে লগে নিজক যোগাসন তথা অন্যান্য ব্যায়ামৰ মাজত সংপৃক্ত কৰা উচিত৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে কিমান সময় স্মাৰ্টফোনত ব্যস্ত হৈ আছে সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয়, গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে এজন ব্যক্তি কিমান সময় শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকে৷ অতি মাত্ৰা মোবাইল ফোনৰ ব্যৱহাৰে মানুহক শৰীৰ চৰ্চাৰ পৰাও দূৰৈত ৰাখে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে মানুহৰ মেদ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পায়৷

GTM Desk