দৌৰিলেই ফোপনি উঠে নেকি! মনত ৰাখক এই টিপ্‌ছ

দৌৰিলেই ফোপনি উঠে নেকি! মনত ৰাখক এই টিপ্‌ছ

অলপ দৌৰিলেই ফোপনি উঠে নেকি? এই সমস্যা দূৰ কৰিবলৈ হ’লে কেতবোৰ কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব৷ দৌৰিবৰ বাবে পেশীৰ প্ৰচুৰ পৰিমাণে এনাৰ্জিৰ প্ৰয়োজন হয়৷ এই সময়ত আমাৰ শৰীৰে অধিক মাত্ৰাত কাৰ্বনডাই অক্সাইড প্ৰস্তুত কৰে৷ যাৰ বাবে শৰীৰত অধিক অক্সিজেনৰ প্ৰয়োজন হয়৷ এই শ্বাস-প্ৰশ্বাসৰ দুৰ্বল পৰিৱৰ্তনৰ বাবে  বহুজনৰ অলপ দৌৰিলেই ফোপনি উঠে৷ দৌৰ আৰম্ভ কৰাৰ আগতে শৰীৰ গৰম কৰি লোৱা, আৰম্ভণিতেই দৌৰিবলৈ আৰম্ভ কৰা বা তাৰ পূৰ্বে শৰীৰ অলপ  গৰম কৰি ল’লে পেশী আৰু টিচু্যত  তেজৰ চলাচল সূচল হয়৷ ইয়াৰ বাবে দৌৰিবলৈ যোৱাৰ আগতে অলপ ব্যায়াম কৰি লোৱাতো ভাল৷ সাধাৰণ ষ্ট্ৰেচিং কৰিলেই শৰীৰ গৰম হ’ব পাৰে৷ দৌৰোতে ফোপনি উঠিলে মাজে মাজে সৰু সৰু বিৰতি লোৱা দৰকাৰ৷ এই জিৰণিয়ে দৌৰৰ ক্ষেত্ৰত যি ষ্ট্ৰেচ প্ৰস্তুত কৰে সেইটো কমাই দিয়ে৷ সমান্তৰালকৈ পুনৰ শ্বাস-প্ৰশ্বাস স্বাভাৱিক হৈ পৰে৷ যদি কোনোৱে বিৰতি ল’ব নিবিচাৰে তেন্তে তেওঁ দৌৰৰ গতি কমাব পাৰে৷ দৌৰৰ গতি কমালেও  ফোপনি উঠাৰ সমস্যা ঠিক হৈ যায়৷ শ্বাস-প্ৰশ্বাসৰ নিয়মিত ব্যায়ামে ফোপনি উঠাৰ সমস্যা কমায়৷ ইয়াৰ ফলত হাৰ্টৰ কৰ্মক্ষমতা বৃদ্ধি পায়৷ শ্বাস-প্ৰশ্বাসৰ ব্যায়ামৰ ক্ষেত্ৰত সকলোতকৈ সহজ উপায় হ’ল– নাকেৰে ধীৰে ধীৰে শ্বাস লোৱা আৰু মুখেৰে শ্বাস বাহিৰ কৰি দিয়া৷ এই ব্যায়াম নিয়মিত কৰিলে ফোপনি উঠা সমস্যা কমি যায়৷ যদিহে বাৰে বাৰে এই সমস্যা হৈ থাকে সেয়া হাৰ্টৰ কোনো সমস্যাৰ বাবে হ’ব পাৰে৷ সেয়ে কথাষাৰ মনত ৰখা উচিত৷ এনে হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

GTM Desk

Related