মেট্ৰিকত উত্তীর্ণ হ’ব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে এগৰাকী ছাত্ৰীয়ে

মেট্ৰিকত উত্তীর্ণ হ’ব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে এগৰাকী ছাত্ৰীয়ে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰি জীৱনৰ চূড়ান্ত সিদ্ধান্ত ল’লে এগৰাকী ছাত্ৰীয়ে৷ বৰাক নৈত জাপ দি আত্মহত্যাৰ পথ বাছি ল’লে ছাত্ৰীগৰাকীয়ে ৷ এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ গনিৰগ্ৰামত ৷ আত্মহত্যাৰ পথ বাছি লোৱা ছাত্ৰীগৰাকীৰ নাম আচমা বেগম বৰভূঞা বুলি জানিব পৰা গৈছে ৷ গনিৰগ্ৰাম জে আৰ এইচ স্কুলৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিছিল ছাত্ৰীগৰাকী ৷ সোমবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই মেট্ৰিকত অনুতীৰ্ণ হোৱা বুলি জানিবলৈ পায়  আত্মহত্যাৰ পথ বাছি লয় আচমাই৷ ফলাফলত হতাশ হৈ ওচৰত থকা বৰাক নৈ ত মৰণ জাপ দিয়ে আচমাই ৷ পিছত ঘটনাস্থলীত উপস্থিত হয় এছডিআৰএফ বাহিনী। আচমাৰ সন্ধানত বৰাক নৈত সন্ধান অভিযান চলায় এছডিআৰএফে ৷ পিছত দুঘন্টামান অভিযান চলাই ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে এছডিআৰএফৰ জোৱানে।

GTM Desk

Related