আই আই টি গুৱাহাটীত ছাত্ৰৰ মৃত্যু…

আই আই টি গুৱাহাটীত ছাত্ৰৰ মৃত্যু…

বৃহস্পতিবাৰে শিক্ষা আই আই টি গুৱাহাটীৰ চৌহদত চাইকেল চলাই থকা অৱস্থাতে দুৰ্ঘটনাত পতিত এজন ছাত্র। দুৰ্ঘটনাত পতিত ছাত্রজনৰ চিকিৎ‍সালয়ত মৃত্যু।

ছাত্রজন ৰাজস্থানৰ অংকিত সিং ৰাজপুত বুলি চিনাক্ত হৈছে। বৰাক হোষ্টেলৰ আৱাসী আছিল অংকিত নামৰ ছাত্রজন। ৬ মাহ পূৰ্বে আই আই টি গুৱাহাটীলৈ আহিছিল ছাত্রজন। সম্প্রতি গুৱাহাটীৰ সঞ্জীৱনী হাস্পতালৰ মৰ্গত ৰখা হৈছে ছাত্রজনৰ মৃতদেহ। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

GTM Desk

Related