বন্দনাৰ জালত ভৰি দিয়া অৰূপৰ কাইলৈ আছিল বিয়াৰ অভ্যর্থনা !

বন্দনাৰ জালত ভৰি দিয়া অৰূপৰ কাইলৈ আছিল বিয়াৰ অভ্যর্থনা !

অৰূপ দাসৰ ঘৰত এতিয়া হাহাকাৰ অৱস্থা। কান্দি–কাটি সময় পাৰ কৰিছে পিতৃ–মাতৃয়ে। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিবলগীয়া পুত্ৰ এতিয়া আৰক্ষীৰ জিম্মাত। তাকো এক জঘন্য অপৰাধৰ অভিযোগত। আজি পুৱাই মন–মগজু কঁপাই যোৱা হত্যাকাণ্ডৰ তিনি অভিযুক্তক লৈ মেঘালয়লৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল।

ইফালে, নিচাজাতীয় দ্ৰব্য খুৱাই অৰূপক ফচোৱাৰ অভিযোগ পৰিয়ালৰ। তেওঁলোকে কয়, ধনটিৰ সৈতে অৰূপ ঘৰলৈ গৈছিল বন্দনা। বন্দনাই নিজকে অনামিকা কলিতা বুলি দিছিল চিনাকি। ধনটিৰ সৈতে বিয়া ঠিক হৈ থকা বুলি কৈছিল বন্দনাই। বন্দনা কলেজৰ বান্ধৱী বুলি ধনটিয়ে পৰিচয় কৰাই দিছিল অৰূপৰ পৰিয়ালক।

GTM Desk

Related