শিশুক গাখীৰ খুওৱাৰ সময়ত মাকগৰাকীয়ে ল’বলগীয়া সাৱধনতা লগতে নতুন মাতৃ সকলে জানিবলগীয়া কিছুকথা…

শিশুক গাখীৰ খুওৱাৰ সময়ত মাকগৰাকীয়ে ল’বলগীয়া সাৱধনতা লগতে নতুন মাতৃ সকলে জানিবলগীয়া কিছুকথা…
Newborn baby boy sucking milk from mothers breast. Portrait of mom and breastfeeding baby. Concept of healthy and natural baby breastfeeding nutrition.

শিশুটোৱে মাকৰ কোলাত যাতে আৰামকৈ গাখীৰ খাব পাৰে তালৈ সকলো সময়তে চকু দিব৷

  • গাখীৰ খাই থকা সময়ত শিশুটিৰ স্থান পৰিৱর্তন কৰি থাকিব৷ মাজে–সময়ে কোলাত বহুৱাই লৈ নাইবা শোৱাই লৈ খুৱাব৷ এনে নকৰিলে আপোনাৰ নিপলটো ৰঙা পৰি বিষোৱাৰ সম্ভাৱনা থাকে৷
  • গাখীৰ খোৱা হ’লে নিপোলকেইটা ধুই শুকাবলৈ দিব৷
  • ডাক্তৰৰ পৰামর্শ অবিহনে নিপোলকেইটাত কোনো ধৰণৰ ক্রীম বা ৰাসায়নিক পদার্থ নলগাব৷
  • আপোনাৰ শিশুটিয়ে গাখীৰ খাই থাকোঁতে নিপোলত ভালদৰে মুখখন সোমাইছে নে নাই লক্ষ্য কৰি থাকিব৷
  • গাখীৰ খুওৱাৰ আগতে এটুকুৰা তুলা পানীত তিয়াই নিপোল দুটা ভালদৰে মচি ল’ব৷
  • গাখীৰ লাগি ধৰিলে বা ডাঠ হ’লে গৰম পানীৰে স্তন দুটা ধুই লাহে লাহে মালিচ কৰিব৷ এনেদৰে দুই–তিনি মিনিটমান সময় মালিচ কৰাৰ পিছতহে খাবলৈ দিব৷ প্রথমতে কিছু সময় বিষাব যদিও পিছলৈ আৰাম পাব৷ এনে অৱস্থা লোৱাৰ পিছতো আৰাম নাপালে ডাক্তৰৰ পৰামর্শ ল’ব৷
  • টান ব্রা নিপিন্ধিব৷
  • দুয়োটা স্তনেই শিশুটিক সমানে খাবলৈ দিব৷
  • গাখীৰ নিজে নিজে বাহিৰ ওলাই আহিলে সোনকালে কাপোৰ সলনি কৰিব৷ নহ’লে ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷
  • স্তন সৰুৱে হওক বা ডাঙৰে হওক ইয়াৰ প্রভাৱ কেতিয়াও গাখীৰ উৎপাদনত নপৰে৷
  • মাকৰ গাখীৰ খোৱা শিশুসকল সদায় নিৰোগী হয়৷
  • নিজৰ গাখীৰ খুওৱা মাতৃগৰাকীতকৈ হৰমনৰ উৎপাদনৰ বাবে সোনকালে সন্তানসম্ভৱা হোৱাৰ আশংকা থাকে৷
  • মাকৰ গাখীৰ খাবলৈ নিদিয়া মাতৃগৰাকীৰ স্তন কর্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷
  • চিন্তা–ভাবনাক্লিষ্ট অৱস্থাত অনিচ্ছুক মনোভাবেৰে গাখীৰ খুৱাবলৈ কৰা চেষ্টা অকৃতকার্য হয়৷
  • কেতিয়াবা শিশুৱে এটা স্তনৰ গাখীৰ খাই শেষ কৰে৷ আনটো অলপ সময়হে চুহে৷ তেতিয়া দ্বিতীয় স্তনটো চেপি গাখীৰ উলিওৱা উচিত৷
  • সফল স্তনদানৰ বাবে মাতৃগৰাকীয়ে বিশ্রাম লোৱাটো প্রয়োজনীয়৷ লগতে উপযুক্ত আহাৰো খাব লাগে৷
  • কোনো কোনো ক্ষেত্রত শিশুৰ জন্মৰ পিছতে মাকৰ স্তনত গাখীৰ সৰহকৈ আহিবলৈ ধৰে, ফলত গাখীৰ নিজে নিজে ওলায়৷ এনে গাখীৰ উলিয়াই নিদিলে পিছলৈ প্রয়োজন মতে গাখীৰ তৈয়াৰ নহয়৷
  • গাখীৰ খোৱাৰ সময়ত শিশুৱে যাতে আৰামদায়ক অৱস্থাত থাকে তালৈ বিশেষ মন কৰিব৷
  • শিশুৱে মাকৰ গাখীৰ খাই থকা অৱস্থাত মাকগৰাকীৰ যথেষ্ট পিয়াহ লাগে৷ বহু লোকে ভাবে যে পানী বেছিকৈ খালে গাখীৰৰ পৰিমাণ বৃদ্ধি হয়৷ কিন্তু তেনে কোনো বিজ্ঞানসন্মত প্রমাণ নাই৷
  • কোনো এটা স্তন প্রতিবাৰ গাখীৰ খুৱাওঁতে বা পিছত চুহিবলৈ দিয়া অনুচিত৷ সোঁ স্তনটো কোনো এবাৰ প্রথমতে চুহিবলৈ দিব লাগে৷ স্তনৰ শেষৰ ভাগৰ গাখীৰ বহু ডাঠ৷ সেয়েহে এনে ক্রমত গাখীৰ খুৱালে এটাৰ পিছত আনটোৰ পৰা শেষৰ ভাগৰ গাখীৰ শিশুৱে খাবলৈ পায়৷ তদুপৰি পর্যায়ক্রমে স্তন দুটাৰ গাখীৰ নিঃশেষ হয় আৰু ইয়ে গাখীৰ উৎপাদনত সহায় কৰে৷
  • তিতা কাপোৰ–কানিত ৰাখিলে শিশুৱে কান্দে, তেনে কাপোৰ–কানি লগে লগে সলাই দিব লাগে৷
  • তিনিমহীয়া শিশুৰ পেটৰ কামোৰণিত প্রায় শতকৰা দহজন শিশুৱে ভোগে৷ এই কামোৰণি জন্মৰ পৰা তিনি মাহ বয়সলৈকে থাকে আৰু পিছলৈ নিজে নিজে শাম কাটে৷ এই পেটৰ কামোৰণি গধূলি ছয় বজাৰ পৰা আৰম্ভ হৈ দহ বজালৈকে থাকে৷ শিশুৱে উৎকটভাৱে কান্দিবলৈ ধৰে৷ এনে হ’লে শিশুটিক পেট পেলাই শোৱাই ল’লে আৰু পেটত গৰম সেক দিলে বিষ অলপ কমে৷ এনে শিশুৰ স্বাস্থ্য ভাল, আহাৰ খাবলৈ ইচ্ছুক আৰু ওজন নিয়মিত ৰূপত বৃদ্ধি পায়৷

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

 

 

GTM Desk

Related