এতিয়াৰে পৰা CCTV লগোৱাটো বাধ্যতামূলক !

এতিয়াৰে পৰা CCTV লগোৱাটো বাধ্যতামূলক !

CCTVৰ ব্যৱহাৰ আৰু প্ৰয়োগক লৈ কঠোৰ ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ।

এতিয়াৰে পৰা সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত CCTV বাধ্যতামূলক।

আনকি আপোনাৰ ঘৰতো CCTV হ’ব লাগিব উপলব্ধ

গুৱাহাটীত অতি শীঘ্ৰেই সংস্থাপন হ’ব ২০০০ চিচিটিভি কেমেৰা। চৰকাৰীভাৱে লগোৱা হ’ব ২০০০ চিচিটিভি কেমেৰা। ৫জনতকৈ অধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠানেও চিচিটিভি কেমেৰা লগোৱাটো বাধ্যতামূলক।

আজি আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হাউছিং আৰু আৰবান বিভাগৰে হোৱা এই বৈঠকত এই সিদ্ধান্ত। বৈঠকত মুখ্যমন্ত্ৰীকে ধৰি গুৱাহটীৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে।

এই দিশত অতি শীঘ্ৰেই নিবিদা মুকলি কৰি দিয়া হব CCTV কেমেৰাৰ বাবে। কেৱল অপৰাধ নিয়ন্ত্ৰণেই নহয় নিৰ্দিষ্ট স্থানত জাবৰ নেপেলোৱা লোকো বন্দী হ’ব CCTV কেমেৰাত।

এই মন্তব্য গুৱাহটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহালৰ। মহানগৰীত ষ্ট্ৰিট লাইট সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৫০-৫৫ কোটি টকাৰ নিবিদা মুকলি কৰিব ষ্ট্ৰিট লাইট সংযোজনৰ ক্ষেত্ৰত।

GTM Desk

Related