ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি, মেট্ৰিকত গণিত বিষয়ৰ প্ৰশ্ন কাকতো হৈছিল ফাদিল !
ধেমাজিৰ এজন ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া অধিক অস্বস্তিৰ মাজলৈ ঠেলি দিছে ছেবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক। উল্লেখযোগ্য যে, এই ছাত্ৰগৰাকীয়ে ধেমাজিৰ যোৰকটাৰ এটা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
গণিত বিষয়ক পৰীক্ষাৰ দিনা নকল কৰাৰ অপৰাধত ছাত্ৰজনক বহিষ্কাৰ কৰা হৈছিল পৰীক্ষাৰ পৰা। সেই বহিষ্কৃত ছাত্ৰজনৰ স্বীকাৰোক্তি মতে তেওঁ পেৰেণ্টছ নামৰ এটা হোৱাটছএপ গ্ৰুপৰ পৰা গণিত বিষয়ক প্ৰশ্ন কাকতৰ কেইটামান প্ৰশ্ন লাভ কৰিছিল।
মুঠ ৫০ নম্বৰৰ প্ৰশ্ন আছিল তাত। সেই প্ৰশ্ন বোৰৰ ভিতৰত ৪৫ নম্বৰেই মিলিগৈছিল পৰীক্ষাত অহা প্ৰশ্ন কাকতৰ লগত। হোৱাটছএপ গ্ৰুপত পোৱা প্ৰশ্নৰ ভিত্তিতেই তেওঁ নকল লিখি লৈ গৈছিল পৰীক্ষালৈ।
বিদ্যালয়খনৰ অধ্যক্ষই তেওঁক নকল কৰাৰ অপৰাধত কৰায়ত্ত কৰাৰ সময়ত হোৱাটছএপ গ্ৰুপত প্ৰশ্নসমূহ পোৱাৰ কথা উল্লেখ কৰিছিল। লিখিত ভাৱেও সেই কথা তেওঁ জনাইছিল।
এই ছাত্ৰ জনৰ স্বীকাৰোক্তিয়ে এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিলে। সন্দেহ হয়, সকলো বিষয়ৰ প্ৰশ্ন কাকতেই ফাদিল হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত।