মধুৰি আমৰ বিষয়ে আপুনি জানে, ইয়াৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে ?

মধুৰি আমৰ বিষয়ে আপুনি জানে, ইয়াৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে ?

মধুৰি আমৰ পাতৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ? ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ বাবে এই পাত যথেষ্ট উপকাৰী। মধুৰি আমৰ পাত চাহৰ সৈতে মিহলাই সেৱন কৰিলে বহু ৰোগৰ পৰা উপশম পোৱা যায় । মধুৰি আমৰ পাত চজিনা পাতৰ দৰে অলেখ গুণযুক্ত বুলি কোৱা হয়। মধুৰি আমৰ পাতে আপোনাক দিব পাৰে এইসমূহ লাভালাভ- মধুৰি আমৰ পাত চাহৰ সৈতে খালে ডায়েবেটিছ ৰোগ হ্ৰাস পায় । অৱশ্যে এদিন দুদিন খালে নহয়, একেৰাহে তিনি মাহ খাওক, চাব আপোনাৰ ডায়েবেটিছ নাইকিয়া হ’ব ।

মধুৰি আমৰ কোমল পাতৰ ৰস খালেও ডায়েবেটিছ ৰোগ উপশম হয়। সাধাৰণতে মানসিক চাপৰ পৰা হৃদৰোগ হয় বুলি ভবা হয় ৷ সেয়ে হাৰ্ট ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ মধুৰি আমৰ পাতৰ ৰস নিয়মিত খাওঁক। আনহাতে কেঞ্চাৰ ৰোগীক এই পাতৰ ৰস খুৱালে কেঞ্চাৰৰ কোষ গঠন প্ৰক্ৰিয়া বন্ধ হয় বুলি কোৱা হয় ৷ বিশেষকৈ ই ব্ৰেষ্ট কেঞ্চাৰৰ বাবে উপকাৰী। পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰীয়া আদিত কোমল মধুৰি পাতৰ ৰস অমৃত স্বৰূপ ।

তেজ গ্ৰহণী হ’লে ইয়াৰ পাতৰ ৰস বা কোমল পাত খালী পেটত খালে বহুত উপকাৰ পোৱা যায়। এন্টিবেক্টেৰিয়েল মধুৰিৰ পাতৰ ৰসে পায়েৰীয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ উপশম কৰে। খাদ্য বিষক্রিয়া হ’লে মধুৰি আমৰ পাতৰ ৰস খুৱাব লাগে। ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস লগাব পাৰি। অতিসাৰ বা পেটচলা ৰোগত মধুৰি আমৰ তিনি বা চাৰিটা আগ খুন্দি পানীৰ সৈতে মিহলাই খালে সহজে উপশম পাব পাৰি।

আপুনি হয়তো জানি আচৰিত হ’ব, এলাৰ্জী আদিতো এই মধুৰি আমৰ পাতৰ ৰস যথেষ্ট উপকাৰী । মধুৰি আমৰ পাতৰ চাহ নিয়মিয়াকৈ খালে স্মৃতি শক্তি বাঢ়ে, মগজু শীতল হৈ থাকে, চুলি সৰা বন্ধ হয়, ডেংগুৰ দৰে জ্বৰ ভাল হয়, হাড়ৰ গাঁঠিৰ বিষ ভাল হয়, কলেষ্টৰেল কমাই আৰু স্বাস্থ্য নিৰোগী হৈ থাকে ।

GTM Desk