আৰক্ষীৰ গুলীচালনাত এজন কিশোৰৰ মৃত্যুৰ পিছত প্ৰতিবাদত উত্তাল হৈ পৰিছে ফ্ৰান্স

আৰক্ষীৰ গুলীচালনাত এজন কিশোৰৰ মৃত্যুৰ পিছত প্ৰতিবাদত উত্তাল হৈ পৰিছে  ফ্ৰান্স

ইয়াৰ মাজতে এই প্ৰতিবাদ সংঘৰ্ষ আৰু হিংসাত পৰিণত হয় । এই সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে ফ্ৰান্সৰ কৰ্তৃপক্ষই সমগ্ৰ দেশতে ৪৫ হাজাৰ আৰক্ষী আৰু অস্ত্ৰসজ্জিত বাহন মোতায়েন কৰিছে। ইয়াৰ উপৰিও দেশৰ তৃতীয় বৃহত্তম চহৰ লিয়নত আৰক্ষীৰ হেলিকপ্টাৰে টহল দি আছে।

শুকুৰবাৰে সন্ধিয়া ফ্ৰান্সৰ টেলিভিছন চেনেল টি এফ ৱানক দিয়া এক সাক্ষাৎকাৰত গৃহ মন্ত্ৰী জেৰাল্ড ডাৰমানিনে এই তথ্য সদৰী কৰে।

তেওঁ কয় যে আমি সামগ্ৰিক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো আৰু পেৰিছকে ধৰি বিভিন্ন চহৰৰ পৰা শেহতীয়া তথ্য সংগ্ৰহ কৰিছো।

চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ ওলাইছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ডাৰমানিনে কয় যে, “অতি স্পষ্টকৈ ক’বলৈ গ’লে মই ক’ম – আমি কোনো সম্ভাৱ্য সমাধান নুই কৰিব নিবিচাৰো। আমি অহা কেইঘণ্টামান চাম, তাৰ পিছত পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে যি পন্থা বাছি ল’ব সেয়া কাৰ্যকৰী কৰা হ’ব।’

মঙলবাৰৰ পৰা আৰম্ভ হৈছে ফ্ৰান্সত প্ৰতিবাদ। সেইদিনা পুৱা আৰক্ষীয়ে পেৰিছৰ উপকণ্ঠ অঞ্চল নান্টেৰেত তীব্ৰ বেগেৰে চলোৱা আৰু যান-বাহন নিয়ম অমান্য কৰাৰ অভিযোগত ১৭ বছৰীয়া নাহেল এম-ক গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু নাহেলে নিৰ্দেশ আওকাণ কৰি গাড়ীখন লৈ আঁতৰি যাবলৈ চেষ্টা কৰাত আৰক্ষীকেইজনে তেওঁৰ ওপৰত গুলীচালনা কৰে। গুলীচালনাৰ ফলত থিতাতে নিহত হয় নাহেল।

GTM Desk