জাহ্নৱী কাপুৰৰ ফিটনেছৰ ৰহস্য প্ৰকাশ

জাহ্নৱী কাপুৰৰ ফিটনেছৰ ৰহস্য প্ৰকাশ

ফিটনেছৰ ক্ষেত্ৰত বলীউডৰ তাৰকাসকল প্ৰায়ে সকলোৰে আদৰ্শ হয়। যুৱ হাৰ্টথ্ৰব জাহ্নৱী কাপুৰেও তেওঁৰ শৰীৰৰ যথেষ্ট যত্ন লয়। বলীউডৰ চলচ্চিত্ৰৰ উপৰিও, জাহ্নৱী কাপুৰে নৃত্য আৰু সংগীত ভিডিঅ’ৰ জৰিয়তে বহুবাৰ মানুহৰ হৃদয় জয় কৰিছে, তেওঁ ছ’চিয়েল মিডিয়াতো যথেষ্ট সক্ৰিয়। ইয়াৰ লগতে শেহতীয়াকৈ জাহ্নৱীয়ে ফিটনেছক লৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

জাহ্নৱীয়ে তেওঁৰ অনুৰাগীসকলক নতুন বছৰটো স্বাস্থ্যকৰ ভাৱে আৰম্ভ কৰিবলৈ উৎসাহিত কৰিছে। অভিনেত্রী গৰাকীয়ে কৈছে যে, “সৰু আৰু সৰল জীৱনশৈলীৰ পৰিৱৰ্তনৰ সৈতে সকলোৱে ফিটনেছ যাত্ৰা আৰম্ভ কৰাটো গুৰুত্বপূৰ্ণ, যেনে; কাপোৰ সলনি কৰা। স্বাস্থ্যকৰ বিকল্পৰ বাবে ভাল আহাৰৰ অভ্যাস। মই সৰু সৰু পদক্ষেপেৰে মোৰ ফিটনেছ যাত্ৰা আৰম্ভ কৰিছো, য’ত অন্তৰ্ভুক্ত আছে অধিক পৰিমাণৰ স্বাস্থ্যকৰ ফল, পাচলি খোৱা আৰু মোৰ দৈনন্দিন খাদ্যাভ্যাসৰ অংশ হিচাপে জাংক ফুড পৰিহাৰ কৰা। মই সকলোকে প্ৰতিশ্ৰুতি দিছো, ই এক স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাত বহুদূৰ আগুৱাই লৈ যাব।”

জাহ্নৱীয়ে আৰু কৈছে যে, “মই পুৱাৰ আহাৰত প্ৰ’টিন সমৃদ্ধ আহাৰ ভাল পাওঁ, যেনে ব্ৰাউন ব্ৰেড, ওটচ, কণীৰ বগা অংশ আৰু মোৰ প্ৰিয় চাফোলা পিনাট বাটাৰ। ইয়াৰ লগতে মই অমেগা ৩ সমৃদ্ধ খাদ্য, হুই প্ৰ’টিন, মিঠা নোহোৱা ডাৰ্ক চকলেটৰ পৰা নিৰামিষ আহাৰৰ বিভিন্ন বিকল্প অন্তর্ভুক্ত আছে।

দুপৰীয়াৰ আহাৰৰ বাবে, মই কেৱল ঘৰত ৰন্ধা খাদ্য খাওঁ, যদি মই বাহিৰলৈ যাওঁ তেন্তে ফল আৰু পাচলিৰ ৰস খাওঁ। মই মোৰ ৰাতিৰ আহাৰ অতি পাতল ৰাখোঁ, য’ত সিজোৱা পাচলি, চুপ, আৰু কেতিয়াবা গ্ৰিল কৰা মাছ অন্তর্ভুক্ত থাকে। ইয়াৰ লগতে মই ব্যক্তিগতভাৱে কাৰ্ডিঅ’, জিম প্ৰশিক্ষণ, পাইলেট, সাঁতোৰ, যোগ আৰু নৃত্য কৰোঁ। মোৰ বাবে, যোগ প্ৰতিকাৰমূলক কিয়নো ই মোৰ মনক সহজ কৰি তোলে।”

GTM Desk

Related