উপ-নিৰ্বাচন : লুৰিণ-ভূপেনৰ আলোচনা, শুকুৰবাৰে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

উপ-নিৰ্বাচন : লুৰিণ-ভূপেনৰ আলোচনা, শুকুৰবাৰে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

 ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিবলৈ কাইলৈ অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হ’ব কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ কেন্দ্ৰীয় তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া এই বৈঠক হ’ব তিনি তৰপীয়া ।

দিনৰ ১১.৩০ বজাৰ পৰা কংগ্ৰেছৰ শিৱসাগৰ, যোৰহাট, মাজুলী, বাক্সা, কোকৰাঝাৰ আৰু বৰপেটা জিলা সমিতিৰ সভাপতি সকলৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু জিতেন্দ্ৰ সিং । এই বৈঠকৰ পিছতে দিনৰ ১ বজাৰ পৰা উপ-নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে গঠন কৰি দিয়া সমষ্টি ভিত্তিক সমিতি কেইখনৰ সৈতে জিতেন্দ্ৰ সিং আৰু ভূপেন বৰা আলোচনাত বহিব ।

দিনৰ ৩ বজাত অনুষ্ঠিত হ’ব প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি সকলৰ উপৰিও প্ৰাৰ্থী বাচনিৰ বাবে গঠন কৰা সমিতিৰ সভাপতিৰ সৈতে জিতেন্দ্ৰ সিং আৰু ভূপেন বৰাৰ চূড়ান্ত বৈঠকখন । ইপিনে, বৃহস্পতিবাৰে সন্ধিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তেওঁৰ বাসভৱনত এখন দীঘলীয়া বৈঠকত মিলিত হয় ।

স্বাভাৱিকতে উপ-নিৰ্বাচন কেন্দ্ৰিক এই বৈঠকত পাঁচোটা সমষ্টিতে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আৰু ভোট বিভাজন নোহোৱাৰ উদ্দেশ্যে বিৰোধীৰ ফালৰ পৰা একোজন প্ৰাৰ্থীহে থিয় কৰোৱাৰ পোষকতা কৰে লুৰিণজ্যোতি গগৈয়ে । তেওঁ কয় যে, কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ কোনো কথা জাতীয় পৰিষদে চিন্তা কৰা নাই ।

কেৱল বিজেপি মিত্ৰজোটক পৰাস্ত কৰাৰ স্বাৰ্থত সময় সাপেক্ষ ৰাজনৈতিক বুজাবুজিহে কৰিব বিচৰা হৈছে । লুৰিণজ্যোতি গগৈৰ নেতৃত্বত ভূপেন বৰাৰে আলোচনাত মিলিত হোৱা জাতীয় পৰিষদৰ দলটোত আছিল পবিন্দ্ৰ ডেকা, অনুপ ফুকন, চমছেৰ সিং, ৰাণা চাংমাই, ইজৰাইল নন্দ, বাণী দাস, জিয়াউৰ ৰহমান, ৰাজু ফুকন আৰু চিত্তৰঞ্জন বসুমতাৰী ।

আনহাতে, বিৰোধীয়ে উপ-নিৰ্বাচনত প্ৰতিটো সমষ্টিতে একোজনকৈ উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ প্ৰস্তাৱ লৈ আজি সন্ধিয়া অসম জাতীয় পৰিষদৰ দুটা পৃথক প্ৰতিনিধি দলে ৰাইজৰ দল আৰু চি পি আইৰ কাৰ্যালয়ত উপস্থিত হয় আৰু দল দুটাৰ নেতৃবৰ্গৰে আলোচনাত বহে ।

GTM Desk