ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে এইধৰণৰ খাদ্য খাওক

ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে এইধৰণৰ খাদ্য খাওক
Portrait beautiful young woman with clean fresh skin. Model with healthy skin, close up portrait. Cosmetology, beauty and spa

খাদ্যভাসৰ সৈতে সুস্বাস্থ্যৰ আছে প্ৰত্যক্ষ সম্পৰ্ক৷ সেয়েহে খাদ্য তালিকাত সকলোধৰণৰ ফলমূল-শাকপাচলি অন্তৰ্ভুক্ত কৰিব লাগে৷ এইধৰণৰ ফলমূল-শাকপাচলি খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷

⬛ গাজৰঃ নিয়মীয়াকৈ গাজৰ খালে ছালখন বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰাৰ উপৰি ইয়াৰ উজ্জ্বলতা বৃদ্ধি পায়৷ গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ পোৱা যায়৷ ভিটামিন ‘এ’ ছালৰ বাবে অতি উপকাৰী৷ তদুপৰি গাজৰত থাকে বিটাকেৰোটিন৷ এই উপাদানেও ছালখন মসৃণ কৰি ৰখাত সহায় কৰে৷

⬛ বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমাণে লাইক’পেন নামৰ এণ্টি অক্সিডেণ্ট থাকে৷ সেইবাবে নিয়মীয়াকৈ বিলাহী খালে ছাল সতেজ হৈ থাকে আৰু বলিৰেখা পৰাৰ পৰা ছালখনক মুক্ত কৰি ৰাখিব পাৰি৷

⬛ জলফাই তেলঃ জলফাই তেলে ছালৰ বিভিন্ন সমস্যা সমাধান কৰে৷ প্ৰতিদিনে নিশা শুবলৈ যোৱা ১৫ মিনিট পূৰ্বে জলফাই তেলেৰে শৰীৰটো মালিচ কৰিলে ছালখন মসৃণ হৈ পৰে৷

⬛ মিঠা আলুঃ মিঠা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ ভিটামিন চি ছালৰ বাবে অতি উপকাৰী৷ সেয়েহে নিয়মীয়াকৈ মিঠা আলু খালেও ছালখন মসৃণ, কোমল আৰু উজ্জ্বল হৈ থকাত সহায় কৰে৷

⬛ গ্ৰীণ টিঃ গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ তদুপৰি পটাছিয়াম, ভিটামিন ‘বি’ আদি উপলব্ধ৷ সেইবাবে গ্ৰীণ টি নিয়মীয়াকৈ খালে ছালখন সতেজ আৰু উজ্জ্বল হৈ থকাত সহায় কৰে৷

⬛ ডাৰ্ক ছকলেটঃ ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ সেইবাবে ডাৰ্ক চকলেট খালেও ছালৰ উজ্জ্বলতা অটুট থাকে৷

⬛ মাছঃ মাছত প্ৰচুৰ পৰিমাণে ওমেগা-থ্ৰি ফেটি এচিদ থাকে৷ খাদ্য তালিকাত নিয়মীয়াকৈ মাছৰ ব্যঞ্জন ৰাখিলেও ছালৰ বাবে ই অতি উপকাৰী৷

⬛ হালধিঃ হালধিত প্ৰচুৰ পৰিমাণে ৰোগ প্ৰতিৰোধক উপাদান থাকে৷ তদুপৰি হালধিত থাকে প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট৷ কেঁচা হালধিৰ ৰস খোৱাৰ অভ্যাস কৰিলে ছালখন মসৃণ হৈ থকাত সহায়ক হয়৷

⬛ পালেং শাকঃ সকলো শাক-পাচলিয়ে বিভিন্ন পুষ্টিগুণৰ ভঁৰাল৷ ছালখন নিৰোগী কৰি ৰখাৰ বাবে পালেং শাক নিয়মীয়াকৈ খাওক৷

GTM Desk

Related