টোপনি ভাল নহয়? কি কৰিব?

টোপনি ভাল নহয়? কি কৰিব?
Top back view portrait of sleepy woman lying on stomach wearing pants singlet tired after hard day

শৰীৰ সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ টোপনি ভাল নহ’লে বা সঘনাই টোপনি ভাঙিলে স্বাস্থ্যত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে৷ ফলত, বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে৷ বহুতৰে আকৌ ৰাতি সঘনাই টোপনি ভাঙে৷ ফলত পিছদিনা মূৰৰ বিষ আৰু শৰীৰ অৱশ লাগে৷ বৰ্তমান সময়ত প্ৰায়ভাগৰে অনিয়মীয়া জীৱন-যাপনৰ প্ৰৱণতা বাঢ়িছে৷ বহুতেই সময়মতে খোৱা, শোৱা বা শাৰীৰিক কাৰ্যকলাপ কৰাত মন নিদিয়ে৷ এনেকুৱা হ’লে শৰীৰ অসুস্থ হোৱাৰ আশংকা বাঢ়ে৷ আচলতে, টোপনিৰ জৰিয়তে আমাৰ দেহৰ বিভিন্নধৰণৰ কাৰ্যকলাপ পৰিচালিত হয়৷ আপুনি যদি সময়মতে শুবলৈ নাযায় বা শোৱাৰ পৰিৱেশ সৃষ্টি কৰি ল’ব নোৱাৰে, তেন্তে টোপনিত ব্যাঘাত জন্মাটো স্বাভাৱিক৷ বহুতেই শুবলৈ যোৱাৰ আগমুহূৰ্তত কিছুমান ভুল কৰে৷ যাৰ বাবে ৰাতি বাৰে বাৰে টোপনি ভাঙে৷ উল্লেখ কৰা হ’ল ৰাতি সঘনাই টোপনি ভাঙিলে কি কৰিব–

⬛ বহুতেই ৰাতি খোৱাৰ পাছতে শুবলৈ যায়৷ এই অভ্যাস ভুল৷ ৰাতিৰ আহাৰ খোৱাৰ অন্ততঃ দুঘণ্টা পাছতহে শুবলৈ যোৱা উচিত৷ ভৰা পেটত শুবলৈ গ’লে দেহৰ মেটাব’লিক ৰেট কমি আহে৷ ফলত খাদ্য হজম হোৱাত সময় লাগে৷ যাৰ বাবে নিদ্ৰা বিঘ্নিত হয়৷ সেয়ে খোৱাৰ পাছতে শুবলৈ যোৱা অভ্যাস ত্যাগ কৰক৷

⬛ শুবলৈ যোৱাৰ আগমুহূৰ্তত বৈদ্যুতিক যন্ত্ৰ ব্যৱহাৰ নকৰিব৷ বহুতেই শোৱাৰ আগমুহূৰ্তত বা শুই শুই ম’বাইলফোনটো ব্যৱহাৰ কৰে অথবা টিভি চাই থাকে৷ এনে অভ্যাস ত্যাগ কৰক৷ ইয়াৰ পৰিৱৰ্তে লঘু যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক৷ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম অথবা কিছুসময় ধ্যান কৰিব পাৰে৷ টোপনি নাহিলে পছন্দৰ কিতাপ পঢ়া কৰক৷ এনে অভ্যাসে টোপনি গভীৰ কৰে৷

⬛ নিশা শুবলৈ যোৱাৰ পূৰ্বে নিজৰ বাবে কিছু সময় উলিয়াই লওক৷ যেনে ধৰক, মহিলা বা যুৱতীসকলে ৰূপচৰ্চা কৰিব পাৰে৷ লগতে কিছুসময় গৰমপানীত ভৰি দুখন তিয়াই ৰাখিব পাৰে৷ দহ-পোন্ধৰ মিনিটমান সময় নিজৰ বাবে এনেদৰে সময় উলিয়াই ল’লে দিনটোৰ সকলো ক্লান্তি আঁতৰে৷ ফলত টোপনি ভাল হয়৷

⬛ বহুতে শুবলৈ যোৱাৰ সময়ত বন্ধু-বান্ধৱ বা আত্মীয়ৰ সৈতে ম’বাইল ফোনত কথা পাতে৷ এনেকুৱা বাৰ্তালাপত বহুতে হতাশা, খং-ৰাগ অথবা দুখ প্ৰকাশ কৰে৷ এইধৰণৰ নেতিবাচক বাৰ্তালাপ বা চিন্তাধাৰাই টোপনি ব্যাঘাত কৰে৷ সেয়ে শুবলৈ যোৱাৰ আগমুহূৰ্তত মনটোক শান্ত কৰি লওক আৰু ইতিবাচক চিন্তা কৰক৷

⬛ শোৱাৰ সময়ত আৰামদায়ক পোছাক পৰিধান কৰক৷ এতিয়া যিহেতু গৰমৰ দিন, সেয়েহে পাতল কপাহী কাপোৰ পৰিধান কৰি শুবলৈ যাওক৷ যুৱতী বা মহিলাসকলে শোৱাৰ সময়ত চুলিকোছা ঢিলাকৈ বান্ধি লোৱা কৰক৷ শোৱাৰ সময়ত চুলি টানকৈ বান্ধিলে পিছদিনা মূৰৰ বিষৰ সমস্যা হ’ব পাৰে আৰু পৰৱৰ্তী সময়ত চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে৷

GTM Desk

Related