ওজন হ্ৰাস কৰাৰ বাবে লওক এই পাঁচটা বিশেষ যতন

ওজন হ্ৰাস কৰাৰ বাবে লওক এই পাঁচটা বিশেষ যতন

 

 

আধুনিক জীৱনশৈলীয়ে সৃষ্টি কৰা বিভিন্ন শাৰীৰিক ব্যাধিৰ ভিতৰত মেদবহুলতা, শৰীৰৰ ওজনৰ ভাৰসাম্যহীনতা আদিও উল্লেখনীয়৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে প্ৰতিদিনে কেইটামান বিশেষ কৌশল অৱলম্বন কৰিব পাৰে৷ ইয়াৰ ভিতৰত আছে– নিয়মিত ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, প্ৰয়োজনীয় নিদ্ৰা আদি৷ ওজন হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ পৰিৱেশ, স্বাস্থ্যকৰ খাদ্য অত্যন্ত গুৰুত্বপূৰ্ণ৷

ওজন হ্ৰাস কৰাৰ কেইটামান সহজ কৌশল–

ঘৰুৱাভাৱে তৈয়াৰ কৰা পুষ্টিকৰ খাদ্য গ্ৰহণ৷ এই ক্ষেত্ৰত সেউজীয়া শাক-পাচলি, ফলমূল নিয়মীয়াকৈ খাদ্য তালিকাত ৰখাটো প্ৰয়োজন৷ ওজন নিয়ন্ত্ৰণত ৰাখিবৰ বাবে পুষ্টিকৰ খাদ্য খোৱাৰ বিপৰীতে জাংকফুড তথা বেছি তেল দিয়া আহাৰ এৰাই চলা উচিত৷

খোৱাৰ সময়ত খৰ-খেদা নকৰি কম পৰিমাণে লাহে-ধীৰে খাদ্য গ্ৰহণ কৰা উচিত৷ পৰিমিত আহাৰে সু-স্বাস্থ্য গঠনত সহায় কৰাৰ উপৰি আপোনাক মেদবহুলতাৰ পৰা ৰক্ষা কৰিব৷

ওজন হ্ৰাস কৰাৰ বাবে নিয়মীয়াভাৱে শাৰীৰিক পৰিশ্ৰম অথবা ব্যায়াম কৰাৰ প্ৰয়োজন৷

নিয়মীয়া ব্যায়ামৰ উপৰি কেইটামান অভ্যাস ওজন নিয়ন্ত্ৰণৰ বাবে খুবেই প্ৰয়োজন৷ তাৰ ভিতৰত উল্লেখনীয় হ’ল– ধ্যান, সংগীত চৰ্চা, গ্ৰন্থ অধ্যয়ন, গান শুনা আদি৷

প্ৰয়োজনীয় নিদ্ৰাঃ কেৱল ওজন হ্ৰাস কৰাৰ বাবেই নহয় সু-স্বাস্থ্যৰ বাবে সুখনিদ্ৰা অতি প্ৰয়োজনীয়৷ ব্যক্তিভেদে নিদ্ৰাৰ সময় কম-বেছি হ’ব পাৰে৷ কোনোজনৰ ছ-ঘণ্টা আৰু আন কোনোজনৰ আঠ ঘণ্টা শুলেহে টোপনি পূৰ হয়৷ সু-স্বাস্থ্য আৰু ওজন নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় নিদ্ৰাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন৷

GTM Desk

Related