সপ্তাহত মাত্ৰ দুদিন পঢ়িয়েই UPSC পৰীক্ষাত কিদৰে সফলতা লাভ কৰিলে এইগৰাকী যুৱতীয়ে? জানিলে আচৰিত হ’ব

সপ্তাহত মাত্ৰ দুদিন পঢ়িয়েই UPSC পৰীক্ষাত কিদৰে সফলতা লাভ কৰিলে এইগৰাকী যুৱতীয়ে? জানিলে আচৰিত হ’ব

অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সহজ নহয়,এই পৰীক্ষা হৈছে দেশ আৰু বিশ্বৰ এটা আটাইতকৈ কঠিন পৰীক্ষাবোৰৰ ভিতৰত এটা।
UPSCৰ বিষয়ে সকলোৰে এনে বহুতো ধাৰণা আছে, কিন্তু দেৱযানী সিঙে আকৌ এবাৰ প্ৰমাণ কৰিছে যে কঠোৰ পৰিশ্ৰম, প্ৰতিভা আৰু নিষ্ঠাৰ সহায়ত অসম্ভৱটো সম্ভৱ কৰিব পাৰি।

তেওঁ সপ্তাহত মাত্ৰ দুদিন, শনিবাৰে আৰু দেওবাৰে পঢ়িয়েই ইউপিএছচিৰ দৰে কঠিন পৰীক্ষাত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে এইগৰাকী যুৱতীয়ে।

দেৱযানী বৰ্তমান এগৰাকী আইআৰএছ বিষয়া। ২০১৫চনত দেবযানীয়ে প্ৰথমবাৰৰ বাবে ইউপিএছচি পৰীক্ষাত বহে। তৃতীয় প্ৰচেষ্টাতো সফল হবলৈ সক্ষম নোহোৱা দেৱযানীয়ে অৱশেষত চতুৰ্থবাৰত সফল হবলৈ হয়।

ইয়াৰ পাছতো এটা ভাল ৰেংকৰ আশাত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ মনস্থ কৰে দেৱযানীয়ে। ইতিমধ্যে চাকৰিৰ সমান্তৰালকৈ পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে শনি আৰু দেওবাৰেহে ভালদৰে পঢ়িবলৈ সময় পাইছিল তেওঁ। অৱশেষত সেই কষ্টৰ ফল লাভ কৰিলে দেৱযানীয়ে। ২০১৯বৰ্ষত ১১ সংখ্যক ৰেংক লাভ কৰি বৰ্তমান আইআৰএছ বিষয়া ৰূপে কৰ্মৰত দেৱযানী সিং।

GTM Desk

Related