আণ্ডাৰআৰ্মচ উজ্জ্বল কৰাৰ আচৰিত উপায় জানি লওক

আণ্ডাৰআৰ্মচ উজ্জ্বল কৰাৰ আচৰিত উপায় জানি লওক

গ্ৰীষ্মকালত ঘামচি ওলোৱাৰ বাবে বেছিভাগ মানুহৰে বাহুৰ তলৰ অংশ ক’লা হৈ পৰে, যিটো চাফা কৰাটো অতি কঠিন কাম। ডাৰ্ক আণ্ডাৰআৰ্ম হোৱাৰ অন্য বহু কাৰণ থাকিব পাৰে। আজি আমি এনে কিছুমান টিপছৰ বিষয়ে জানিম, যাৰ দ্বাৰা আপুনি ডাৰ্ক আণ্ডাৰআৰ্মৰ পৰা সহজে মুক্তি পাব পাৰে।

 নেমুৰে বাহুৰ তলৰ অংশ উজ্জ্বল কৰাৰ বাবে নেমুটো ডাঠকৈ কাটি কেইমিনিটমানৰ বাবে বাহুৰ তলত ঘঁহি কেইমিনিটমানৰ পাছত গৰম পানীৰে ধুই শুকুৱাই লওক আৰু তাৰ পাছত মইশ্ব’ৰাইজাৰ লগাওক। দৈনিক এনে কৰাৰ ফলত বাহুৰ তলৰ অংশৰ ৰং পাতল হ’বলৈ আৰম্ভ কৰিব।

 আলুৰ ৰস ব্যৱহাৰ কৰিও বাহুৰ তলৰ অংশ পৰিষ্কাৰ কৰিব পাৰি। ইয়াৰ বাবে আলুখিনি কুটি তাৰ ৰস উলিয়াই লৈ বাহুৰ তলৰ অংশত লগাই শুকুৱাই ল’ব লাগে। কেইমিনিটমানৰ পাছত বাহুৰ তলৰ অংশ ধুই মইশ্ব’ৰাইজাৰ লগাই দিব লাগে। নিয়মিতভাৱে এনে কৰিলেও বাহুৰ তলৰ অংশ পৰিষ্কাৰ হৈ পৰিব।

 ক’লা বাহুৰ তলৰ অংশ আঁতৰাবলৈ নেমুৰ ৰস আৰু হালধি গুড়িৰে তৈয়াৰী পেষ্টো অতি উপকাৰী। ইয়াৰ বাবে ২ চামুচ নেমুৰ ৰস লৈ ১ চামুচ হালধি গুড়ি মিহলাই দিব লাগে। ইয়াৰ পাছত এই পেষ্টটো বাহুৰ তলৰ অংশত লগাই প্ৰায় ৩০ মিনিট শুকুৱাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাব লাগে। ইয়াৰ ফলত বাহুৰ তলৰ ক’লা দাগ লাহে লাহে নোহাৱা হৈ পৰিব।

GTM Desk