যৌৱন ধৰি ৰখাৰ বাবে গাখীৰৰ সৈতে নহৰু খাওক

যৌৱন ধৰি ৰখাৰ বাবে গাখীৰৰ সৈতে নহৰু খাওক

নহৰুৰ সৈতে গাখীৰ খোৱাটো শুনিবলৈ আচৰিত যেন লাগিলেও গাখীৰৰ সৈতে নহৰুৰ ৰস মিহলাই খালে যৌৱন অটুট থাকে৷ বহুতেই গাখীৰৰ সৈতে পিঁয়াজ বা নহৰু খোৱাৰ কথা ক’লেই নাক কোচায়৷ বহুতে ভাবে গাখীৰৰ সৈতে নহৰু-পিঁয়াজ একেবাৰে নিমিলে৷ কিন্তু শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে গাখীৰ আৰু নহৰু একেলগে খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ আনকি গাখীৰৰ সৈতে নহৰুৰ ৰস মিহলাই খালে কেন্সাৰ প্ৰতিৰোধৰ কাম কৰে৷ এইদৰে নহৰু আৰু গাখীৰ মিশ্ৰণ কৰি খালে শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷

[১] কোষ্ঠকাঠিন্যঃ গাখীৰৰ সৈতে নহৰুৰ মিশ্ৰণ কৰি খালে কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰি থাকিব পাৰি৷ তদুপৰি এনে ধৰণৰ মিশ্ৰণ খালে পেট পৰিষ্কাৰ হয় আৰু গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি৷

[২] কলেষ্টেৰ’ল নিয়ন্ত্ৰণত থাকেঃ কলেষ্টেৰ’ল বেছি থাকিলে হৃদৰোগজনিত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেই বাবে গাখীৰৰ সৈতে নহৰুৰ ৰস¸ মিহলাই খালে কলেষ্টেৰ’ল নিয়ন্ত্ৰণত থাকে আৰু ৰক্ত সঞ্চালন স্বাভাৱিক অৱস্থাত থাকে৷ মাইগ্ৰেনজনিত সমস্যাটো নহৰু আৰু গাখীৰ অতি উত্তম৷ প্ৰতিদিনে নিয়মীয়াকৈ গাখীৰৰ সৈতে নহৰু মিহলাই খালে মাইগ্ৰেনৰ পৰা হাত সাৰিব পাৰি৷

[৩] গাঁঠিৰ বিষৰ পৰা উপশমঃ নহৰুত প্ৰচুৰ পৰিমাণে বিভিন্ন ধৰণৰ ঔষধি গুণ থাকে৷ সেই বাবে গাখীৰৰ সৈতে নহৰু মিহলাই খালে গাৰ বা গাঁঠিৰ বিষৰ পৰাও উপশম পাব পাৰি৷

কিদৰে গাখীৰ আৰু নহৰুৰ মিশ্ৰণ তৈয়াৰ কৰিব?

নহৰু কেইটা ফোটামান মিক্সিত গুৰি কৰি তাৰ ৰস গৰম গাখীৰৰ সৈতে মিহলাই খাব লাগে৷ এইদৰে গাখীৰৰ সৈতে নহৰুৰ ৰস মিহলাই নিয়মীয়াকৈ খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থকাৰ উপৰি বাৰ্ধক্যক বাধা দিব পৰা যায়৷

GTM Desk

Related