নতুন Scorpioৰ ফটো লীক, প্ৰথমবাৰৰ বাবে প্ৰকাশ্য হৈছে ইণ্টেৰিয়ৰ, চাওক স্ক’ৰপিঅ’ Z101ৰ নতুন লুক
মহিন্দ্ৰাই ইয়াৰ আহিবলগীয়া স্ক’ৰপিঅ’এছইউভিৰ অফিচিয়েল টিজাৰ মুকলি কৰিছে। ৩০ ছেকেণ্ডৰ টিজাৰ ভিডিঅ’টোত কেৱল নিউ মহিন্দ্ৰা স্ক’ৰপিঅ’ৰ এক আভাস দেখুওৱা হৈছে।

২০২২ৰ নতুন স্ক’ৰপিঅ’ৰ কোডনেম Z101 ৰখা হৈছে। কোম্পানীটোৱে নতুন প্ৰজন্মৰ স্ক’ৰপিঅ’ এছইউভিৰ নতুন টিজাৰৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতেও চুক্তিবদ্ধ হৈছে। টিজাৰ ভিডিঅ’টোত তেওঁৰ কণ্ঠস্বৰ দিয়া হৈছে। (ফটো ক্ৰেডিট: Youtube/UCL)

মহিন্দ্ৰাই কৈছিল যে নতুন এছইউভি (Z101) মুম্বাইৰ মহিন্দ্ৰা ইণ্ডিয়া ডিজাইন ষ্টুডিঅ’ৰ (MIDS) দ্বাৰা ডিজাইন কৰা হৈছে। ইয়াৰ প্ৰডাকচন চেন্নাইৰ ওচৰৰ মহিন্দ্ৰা ৰিচাৰ্চ ভেলীৰ (MRV) ষ্টেট অৱ দ্য আৰ্ট ফেচেলিটীত কৰা হৈছে। (ফটো ক্ৰেডিট: Youtube/UCL)

এছ ইউ ভিত XUV700-ৰ দৰে এটা অৰ্ধ-ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰো থাকিব, য’ত ৭ ইঞ্চিৰ স্ক্ৰীণ, এটা বৈদ্যুতিক ছানৰুফ আৰু ওয়াৰলেছ ফোন চাৰ্জিঙো অন্তৰ্ভুক্ত থাকিব। (ফটো ক্ৰেডিট: Youtube/UCL)

ইউটিউবত ইউচিএল নামৰ চেনেলটোৱে অৰ্থাৎ upcoming car leaks-এ এই ফটোবোৰ মুকলি কৰিছে। অৱশ্যে, কোম্পানীৰ ফালৰ পৰা ইয়াৰ কোনো নিশ্চিতি পোৱা হোৱা নাই। (ফটো ক্ৰেডিট: Youtube/UCL)