মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অথন্তৰ…

মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অথন্তৰ…

মহাবিদ্যালয়ৰ নিৰ্বাচনৰ আজি আছিল নমিনেচনৰ অন্তিম দিন। দিনৰ ১২ বজাত নমিনেচন জমা দিয়াৰ অন্তিম সময় আছিল যদিও নিৰ্দিষ্ট সময়ত নমিনেচন দিবলৈ উপস্থিত হব নোৱাৰিলে ABVP প্ৰাৰ্থী সকলে। ৰাষ্টাৰে সমদল কৰি আহি থাকোতে সময়ত আহি নমিনেচন জমা দিব নোৱাৰিলে এভিবিপি (ABVP)ৰ প্ৰাৰ্থী সকলে। তাকে লৈ উত্তেজনাই বিৰাজ কৰে মহাবিদ্যালয় খনত।


কলেজ কৰ্তৃপক্ষই ABVPৰ প্ৰাৰ্থী সকলৰ নমিনেচন গ্ৰহণ নকৰিলে আন্দোলন কৰাৰ হুঙ্কাৰৰ দিয়ে। ইতিমধ্যে নমিনেচন জমা দিয়া প্ৰাৰ্থী সকলে নিৰ্বাচনী নিয়ম মতে সকলো হ’ব লাগিব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষক দাবী জনায়।
বিপাঙত কলেজ কৰ্তৃপক্ষ,বাৰে বাৰে অধ্যক্ষৰ কোঠাত বৈঠক অনুষ্ঠিত কৰিও বৰ্তমানলৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই মঙলদৈ মহাবিদ্যালয় কতৃপক্ষই।


অৱশেষত কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ নিৰ্বাচন কমিটীয়ে নিৰ্বাচনৰ কাম সাময়িকভাৱে স্থগিত কৰে।
কিন্তু একাংশ ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়ৰ এই সিদ্ধান্তত অমান্তি হয় আৰু অধ্যক্ষৰ কোঠাৰ সন্মুখত ধৰ্না দিয়ে।

GTM Desk

Related