মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই :–মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি অঞ্চলৰ আজি পৰ্যন্ত ৭ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে । ৰবিবাৰে ৪ জন শ্ৰমিকৰ নশ্বৰদেহ স্ব-গৃহত অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । অঞ্চলটোৰ খোৰাগোসাঁই বড়ি গাঁৱৰ গোপাল ফুকন,পল্লৱ লৰম,লাউভুৰুঙ্গা গাঁৱৰ হৰমোহন ডেকা আৰু কোচকাটি গাঁৱৰ দীপাংকৰ বৰদলৈৰ মৃতদেহ স্ব-গৃহ তথা খোৰাগোসাঁই বড়িত সুদুৰ মণিপুৰৰ পৰা দুখন এম্বুলেঞ্চেৰে আনি পোৱাৰ লগে লগে পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰে । উল্লেখ্য যে আবেলি নশ্বৰদেহ অহাৰ লগে লগে পূৰ্বেৰপৰা খোৰাগোসাঁই বড়িত সমবেত হৈ থকা মৃত শ্ৰমিককেইগৰাকীৰ পৰিয়ালৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ হৈ লাহৰীঘাটৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু,ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া,লাহৰীঘাট উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া মণিকা দাস ৰাংহাং,লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা: আছিফ মহম্মদ নাজাৰ,অগপৰ মৰিগাঁও জিলাৰ সভাপতি শান্তনু শৰ্মাকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে সমূহীয়া ভাৱে মৃত শ্ৰমিককেইগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে পুনৰ শ্ৰমিককেইগৰাকীৰ মৃতদেহ এম্বুলেঞ্চেৰে কুশতলি ৰাজহুৱা শ্মশানলৈ লৈ যোৱা হয় আৰু শ শ লোকৰ উপস্থিতিত চাৰিওগৰাকী শ্ৰমিকৰ মৃতদেহ একেস্থানতে চাৰিখন চিতাত সমূহীয়াভাৱে সৎকাৰ কৰা হয় । এই সৎকাৰস্থলীত মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া,জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনকে ধৰি স্থানীয় প্ৰশাসনৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ।উল্লেখযোগ্য যে পোন প্ৰথম বাৰৰ বাবে অঞ্চলটোত এনেদৰে একেলগে চাৰিখনকৈ চিতা জ্বলাই সমগ্ৰ কুশতলি অঞ্চলবাসী ৰাইজে শোকত স্তব্ধ হৈ পৰিছে। ইফালে সোমবাৰে বগীয়ান্ত ফুকন আৰু মমিন ডেকাৰজাৰ মৃতদেহ স্ব-গৃহত অহাৰ সম্ভাৱনা আছে । ইফালে টুপুলত সেনা বাহিনীয়ে উদ্ধাৰ কাৰ্য চলাই আজি অঞ্চলটোৰ খোৰাগোসাঁই বড়িৰ দেৱজিৎ ফুকনৰ মৃতদেহ উদ্ধাৰ কৰাত এই পৰ্যন্ত অঞ্চলটোৰ আৰু আন ৯ জনকৈ শ্ৰমিক সন্ধানহীন হৈছে।বৰ্তমান অঞ্চলটোৰ ৭ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে । ইয়াৰে আজি ৪ গৰাকীৰ মৃতদেহ স্ব-গৃহলৈ লৈ আনে । ইফালে চিকিৎসাধীন অৱস্থাত থকা মণিৰাম ফুকন,ৰমেন ফুকন, মহেশ্বৰ ফুকন,জোন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী সুস্হ হোৱাত কাইলৈ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে স্ব-গৃহত উপস্হিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে টুইট যোগে সদৰী কৰিছে । অৱশ্যে আজি মৃতদেহ আহি পোৱাৰ পূৰ্বে ভুক্তভোগী পৰিয়ালৰ কাষত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীও উপস্থিত হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk