মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ খাদ্য খাব পাৰে

মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ খাদ্য খাব পাৰে
Burnout businesswoman under pressure in the office

কৰ্মব্যস্ততাই হওক বা আন কোনো কাৰণতেই হওক, সকলোৰে মানসিক চাপ থাকে৷ কিন্তু মানসিক চাপ অত্যধিক হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷ অৱশ্যে, কিছুমান খাদ্য খায়ো অত্যধিক মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পৰা যায়–

[১] মিঠা আলুঃ মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈছে কোৰ্টিছোল হৰমনৰ ক্ষৰণ৷ মিঠা আলু বা ৰঙা আলুই এইবিধ হৰমনৰ ক্ষৰণ কমায়৷ ফলত মন ভালে থাকে৷

[২] কণীঃ কণীত বিভিন্ন পুষ্টিকৰ উপাদান থাকে৷ তদুপৰি কণীত ক’লাইন নামৰ এবিধ উপাদান থাকে, যিবিধ উপাদানে মস্তিষ্ক শীতল কৰি ৰাখে৷ ফলত মন ভালে থাকে৷

[৩] সামুদ্ৰিক মাছঃ ছালমন বা এনে জাতীয় সামুদ্ৰিক মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ আৰু ভিটামিন ‘বি’ থাকে৷ ফলত এনে মাছ খালে মানসিক চাপ কমে৷

[৪] নহৰুঃ বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে নহৰুত থকা উপাদানসমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আঁতৰাই ৰাখে৷

[৫] ব্ৰকলিঃ ব্ৰকলিত ছালফ’ৰাফেন নামৰ এবিধ উপাদান থাকে৷ ফলত ব্ৰকলি খালে মন শান্ত হৈ থাকে আৰু অৱসাদ কমে৷

[৬] কাবুলী বুটঃ কাবুলী বুট অকল সোৱাদযুক্তই নহয়, ই মস্তিষ্কৰ বাবে সাংঘাতিক উপকাৰী৷ ইয়াত থকা এল-ট্ৰিপটোফান নামৰ উপাদানবিধে মন ভালে ৰখাত সহায় কৰে৷

[৭] ব্লু-বেৰীঃ প্ৰতিদিনে যদি কেইটামান ব্লু-বেৰী খাব পাৰে, তেন্তে মন প্ৰফুল্ল হৈ থাকে৷ ইয়াত থকা ফ্লেভান’য়েড নামৰ এণ্টিঅক্সিডেণ্টে কম সময়ৰ ভিতৰতে মানসিক অৱসাদ বা চাপ আঁতৰায়৷

GTM Desk

Related