পুৱা গাখীৰ চাহ খোৱাৰ অভ্যাস কেনে?

পুৱা গাখীৰ চাহ খোৱাৰ অভ্যাস কেনে?

১) বহুতেই গাখীৰ চাহত কিছু আদা মিহলাই খায়। উপকাৰ হ’ব বুলি ভাবে। কিন্তু এই অভ্যাসৰ কাৰণে পেটত গেছ হ’ব পাৰে। তাৰ পাছত পেটৰ বিষ হ’ব পাৰে।

২) খালী পেটত গাখীৰ চাহ খালে পেপটিক আলছাৰ হ’ব পাৰে।

৩) চাহত টেনিন থাকে। গাখীৰৰ সৈতে মিহলি হ’লে চাহৰ টেনিন আৰু সক্রিয় হৈ উঠে। ফলত গাখীৰ চাহ খালে টেনিনে নানা ধৰণৰ দাগজাতীয় সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ দাঁত হালধীয়া হৈ যাব পাৰে।

৪) সদায় গাখীৰ চাহ খুদা পেটত খালে হজমৰ সমস্যাও হ’ব পাৰে।

৫) পেট ফুঁলাৰ দৰে সমস্যাৰো সৃষ্টি হ’ব পাৰে।

৬) দিনটোত বাৰে বাৰে গাখীৰ চাহ খালে অনিদ্রাৰ সমস্যাও হয়।

Shahnawaz Hamza

Related