আনন্দৰাম বৰুৱা বঁটা: কম্পিউটাৰৰ পৰিৱৰ্তে পাব নগদ ধন

আনন্দৰাম বৰুৱা বঁটা: কম্পিউটাৰৰ পৰিৱৰ্তে  পাব নগদ ধন

৭জুনঃ ৰাজ্যত ক’ৰোনা আতংকৰ বাবে ৰাজ্যৰ প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাব নগদ ধন। ৰাজ্যৰ শিক্ষা বিভাগে আনন্দৰাম বৰুৱা বঁটাত প্ৰদান কৰা কম্পিউটাৰৰ পৰিবৰ্তে এইবাৰ প্ৰদান কৰিব নগদ ২০ হাজাৰ টকা। ছেবাই ঘোষণা কৰা এক ৱেব পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীয়ে পাব সকলো তথ্য।

যোৱা বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে পোৱা নাছিল আনন্দৰাম বৰুৱা বঁটা। গতিকে এম’ট্ৰনে অতি শীঘ্ৰেই কোনো অনুষ্ঠান অনুষ্ঠিত নোহোৱাকৈ স্কুলতেই প্ৰদান কৰিব কম্পিউটাৰ। ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত এইবাৰ কম্পিউটাৰৰ পৰিবৰ্তে ধন দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। সংবাদমেল যোগে এই কথা জনালে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

GTM Desk

Related