Advertisement

মন্দিয়া দিঘীৰপামৰ‌ ৰাস্তাৰ কাঠৰ দলং নিৰ্মাণত লেহেমীয়া

মন্দিয়া দিঘীৰপামৰ‌ ৰাস্তাৰ কাঠৰ দলং নিৰ্মাণত লেহেমীয়া

ছফিকুল ইছলাম: মন্দিয়া: যোৱা ফেব্ৰুৱাৰী মাহত মন্দিয়াৰ পৰা দিঘীৰ পামলৈ যোৱা ৰাস্তাত থকা কাঠৰ দলং খন মেৰামতি কৰাৰ কাম আৰম্ভ কৰে আৰু জলাশয়ৰ কাষেৰে এখন উপ ৰাস্তাৰ ব্যৱস্থা কৰি দিয়া হয় |

নিৰ্মাণৰ কাম চলি থকাৰ সময়তে চৰকাৰে দিয়া লকডাউনৰ বাবে এমাহ দলং নিৰ্মাণৰ কাম বন্ধ হৈ আছিল , চৰকাৰে বন্ধ শিথিল কৰাৰ পিছত দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰে ,কিন্তু আজিলৈকে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত ৰাইজৰ বিপদ চমু চাপি আহিছে ।

উল্লেখযোগ্য যে দলং নিৰ্মাণত অত্যাধিক লেহেমীয়া গতিত কাম কৰা বাবে কেইবাদিন ধৰি বৰষুণ হোৱাৰ ফলত জলাশয়ত পানী‌ বাঢ়ি আছে আৰু উপ ৰাস্তা ডুবিবলৈ ধৰিছে যাৰ‌ ফলত অত্যাধিক চিন্তিত হৈ পৰিছে চাছৰা ,দিঘীৰপাম আৰু মন্দিয়া গাওঁ পঞ্চায়তৰ‌ ছাত্ৰ ছাত্ৰী আৰু ৰাইজ‌‌ সকল ,, কিন্তু এই ক্ষেত্ৰত নিমাত হৈ আছে স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধি সকল ।

Shahnawaz Hamza