মৰিগাঁও জিলা ছাত্ৰ সন্থাই চাইকেল ৰেলী..

মৰিগাঁও জিলা ছাত্ৰ সন্থাই চাইকেল ৰেলী..

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো মৰিগাঁও জিলা ছাত্ৰ সন্থাই এক চাইকেল ৰেলী বাহিৰ কৰে।ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে আজি এই চাইকেল ৰেলী উলিওৱা হয়।মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা মৰিগাঁও চহৰৰ মাজমজিয়াৰে এক বৃহৎ চাইকেল ৰেলী উলিওৱা হয়।অসম চৰকাৰ হায় হায়,মাতৃভাষাৰ বিৰোধী সিদ্ধান্ত বাতিল কৰক আদি প্ৰতিবাদী শ্লগানেৰে উত্তাল কৰে মৰিগাঁৱৰ ৰাজপথ।উল্লেখযোগ্য যে মৰিগাঁও জিলা ছাত্ৰ সন্থাই চৰকাৰকো তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখিব পোৱা গ’ল।

Shahnawaz Hamza

Related