অৱস্থান ধৰ্মঘটতমৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত
মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘটত বহিল ১০ টাকৈ তিৱা জাতীয় সংগঠনৰ।
ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মধ্য অসমৰ মৰিগাঁৱত সোচ্ছাৰ হৈ পৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহ। বিশেষকৈ মধ্য অসমৰ তিৱা অধ্যুষিত এলেকাসমূহৰ ভিতৰত মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণৰ দাবীৰে ১০ টাকৈ তিৱা জাতীয় সংগঠনৰ নেতৃত্বই মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
মৰিগাঁওৰ পৰা মনোৰঞ্জন মহন্ত