অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,শংকৰী কলা-কৃষ্টিৰ সাধক,সমাজকৰ্মী ক্ষীৰকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন
নিউজ ব্যুৰ’,নগাঁও,২জুন:–নগাঁও জিলাৰ বেবেজীয়া যুৰীয়া নামঘৰ সমীপৰ নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,শংকৰী কলা-কৃষ্টিৰ সাধক,বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি ক্ষীৰকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভাখনি শুকুৰবাৰে অনুষ্ঠিত হৈ যায় । শইকীয়াৰ মৃত্যুৰ মাহেকীয়া তিথি উপলক্ষে নিজা বাসভৱনত অনুষ্ঠিত সভাৰ আৰম্ভণিতে পুৱাৰ ভাগত সমাজৰ ভকত-বৈষ্ণৱসকলৰ উপস্থিতিত পুথি পাঠ কৰা হয় ৷ বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যাদৱ চন্দ্ৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত স্মৃতিগ্রন্থ উন্মোচন কৰি প্ৰাক্তন মন্ত্ৰী তথা নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই জীৱনৰ মূল্যবোধ থাকিলে এখন উৎকৃষ্ট সমাজ গঢ়িব পাৰি বুলি উল্লেখ কৰি কয় যে এজন ব্যক্তিৰ নামত প্ৰকাশ কৰা গ্ৰন্থই ব্যক্তিজনৰ কৰ্মৰাজিৰ আভাস দিয়াৰ লগতে সমাজ গঢ়াৰ ক্ষেত্ৰত এক আদৰ্শ দাঙি ধৰে । জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰাক্তন অধ্যক্ষ ৰাণা প্ৰকাশ বৰাই প্ৰয়াত ক্ষীৰকান্ত শইকীয়াৰ সামাজিক-সাংস্কৃতিক তথা অসম আন্দোলনৰ বহু স্মৃতি ৰোমন্থন কৰি প্ৰয়াত শইকীয়া মানুহজন সোঁশৰীৰে সমাজত নাথাকিলেও তেওঁ জীৱনকালত কৰি যোৱা কৰ্মৰাজিসমূহ চিৰদিন সমাজত জীয়াই থাকিব বুলি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত বিশিষ্ট শাস্ত্ৰজ্ঞ, কবি নৰেন নাথে প্ৰয়াত ক্ষীৰকান্ত শইকীয়াৰ স্মৃতিত লিখি উলিওৱা এটি কবিতা পাঠ কৰি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ সভাখনিত অনাতাঁৰ শিল্পী গম্ভীৰ নাথ,শংকৰী সাধক অনন্ত হাজৰিকা,চিকিৎসক চন্দ্ৰকান্ত বৰদলৈ,অসম আন্দোলনৰ কৰ্মী অজিত শৰ্মা, সুৰেন বৰদলৈকে প্ৰমুখ্যে কৰি বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে । সভাত সিদ্ধেশ্বৰ ডেকা,বিনোদ বৰুৱা, শিক্ষক লক্ষ্মী নাৰায়ণ বৰা,যুৱ নেতা দিপুজল ৰাজখোৱা,ৰাজীৱ বৰা,ৰিপুঞ্জয় শৰ্মা,ৰাজীৱ বৰাকে ধৰি দুই শতাধিক লোক উপস্থিত থাকে ৷
ঋতু পৰ্ণ শৰ্মা,নগাঁও