নাজিৰাত শৰীৰৰ চৰ্চা কেন্দ্ৰ G FIT ৰ শুভ উদ্বোধন

নাজিৰাত শৰীৰৰ চৰ্চা কেন্দ্ৰ G FIT ৰ শুভ উদ্বোধন

বৰ্তমান সময়ত মানুহ সুস্থ হৈ থাকিবলৈ প্ৰয়োজন শৰীৰ চৰ্চাৰ । শৰীৰ সুস্থ থাকিবলৈ মানুহক শৰীৰৰ চৰ্চাৰ প্ৰয়োজনীয়তা সৰ্বাধিক । সেই উদ্দেশ্যেকে সাৰোগত কৰি আজি নিজৰ জন্ম দিনটোতে নাজিৰা নগৰত G-FIT(জি ফিট) নামৰ এটি শৰীৰ চৰ্চাৰ কেন্দ্ৰ মুকলি কৰে মিষ্টাৰ অসম খ্যাত ৰাহুল হাজৰিকাই।
উক্ত শৰীৰৰ চৰ্চা কেন্দ্ৰটো শুভ উদ্বোধন কৰে international medalist তথা national champion ৰূপে পৰিচিত ধ্ৰুব তামুলীয়ে। জি ফিট শৰীৰৰ চৰ্চা কেন্দ্ৰটোত ৰাহুল হাজৰিকাই নিজে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । এই কেন্দ্ৰটোৰ জৰিয়তে আগন্তক দিনত প্ৰশিক্ষণ লব বিচৰা ব্যক্তি তথা যুৱ-প্ৰজন্মই সুস্থ শৰীৰ বিকাশ সাধন কৰিব পৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় এই উদ্দেশ্য আগত ৰাখি শৰীৰৰ চৰ্চা কেন্দ্ৰটোত মুকলি কৰে মিষ্টাৰ অসম ৰাহুল হাজৰিকাই ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

GTM Desk

Related