নাজিৰা বিহুবৰ পঞ্চায়তৰ অন্তৰ্গত চণ্টকত চাঞ্চল্যকৰ ঘটনা…

নাজিৰা বিহুবৰ পঞ্চায়তৰ অন্তৰ্গত চণ্টকত চাঞ্চল্যকৰ ঘটনা…

যোৱা শুক্ৰবাৰে পুৱতি নিশা নাজিৰা বিহুবৰ চণ্টকৰ কিশোৰ ভূমিজ নামৰ এজন যুৱকে নিজৰ শহুৰেকৰ ঘৰলৈ যোৱা অৱস্থাত এখন প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে কোনো কাৰণ নোহোৱাকৈ চোকা অস্ত্ৰৰে আঘাত কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে।
সংবাদ মাধামৰ আগত কিশোৰ ভূমিজৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কিশোৰে শুক্ৰবাৰে পুৱতি নিশা শহুৰেকৰ ঘৰত আত্মীয়ৰ বিবাহ থকাৰ বাবে পত্নীক আনিবলৈ বুলি যাত্ৰা কৰা পথত ওপৰ নামচাই প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিনেশ চাহু নামৰ ব্যক্তিজনে কোনো কাৰণ নোহোৱাকৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু পিছদিনা পুৱাৰ ভাগত গাওঁৰ ৰাইজে কিশোৰ ভূমিজক আঘাত প্ৰাপ্ত অৱস্থাত পৰি থকা দেখি পৰিয়ালৰ লোকক গতাই দিয়ে। বৰ্তমানে কিশোৰ ভূমিজ ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত বিহুবৰ আৰক্ষীয়ে তদন্ত চলাই প্ৰধান শিক্ষক দিনেশ চাহুক ইতিমধ্যে আটক কৰিছে । অৱশ্যে আৰক্ষীৰ তদন্তত পৰৱৰ্তী সযয়তহে সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ আহিব ।
বাইট: পৰিয়ালৰ লোক ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

GTM Desk