ধিঙত বন্যহস্তীৰ আক্ৰমণত মৃ*ত্যু এগৰাকী বৃদ্ধা মহিলা

ধিঙত বন্যহস্তীৰ আক্ৰমণত মৃ*ত্যু এগৰাকী বৃদ্ধা মহিলা

ধিঙ, সুৰুজ আলী: মৃত্যু হোৱা মহিলা গৰাকীৰ নাম জাংফালি মহেলা।ঘৰ ধিঙৰ চহৰীয়া গাঁৱত ।

লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে ধিঙৰ সোনাৰী গাওঁ,চহৰীয়া গাঁও আৰু ছালনাবড়ি গাঁৱত চলাই উপদ্ৰৱ।

ধিঙৰ সোনাৰী গাঁৱৰ পথাৰত পকা ধানৰ খেতি নষ্ট কৰাৰ লগতে ধিঙৰ চালনাবড়িত ইক্ৰামুল হুছেইন নামৰ এজন লোকৰ এটি বাসগৃহ ভাঙি চুৰ মাৰ কৰে বন্যহস্তীয়ে ।

খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলজুৰি।

অঞ্চলযুৰি এক আতংকময় পৰিবেশ।ঘটনাস্থলী উপস্থিত আৰক্ষী, উপস্হিত হোৱা নাই বন বিভাগ।

 

Desk Admin