BTRত নতুনকৈ সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা কৰি গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ আন কেইবাজনো লোক

BTRত নতুনকৈ সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা কৰি গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ আন কেইবাজনো লোক

বিটিআৰত নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা তথ্য লাভ কৰি কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা বিপিএফৰ নেতা, প্ৰাক্তন বিধায়ক তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰী , জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰোপৰি আৰক্ষীয়ে প্ৰাক্তন বিধায়ক তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰীৰ ঘৰৰ পৰা বুজন পৰিমানৰ মাৰণাস্ত্ৰ জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে বিপিএফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ঘৰৰ পৰা এটা একে ৪৭ ৰাইফল , মেগজিন এটা, ১২৬ জাঁই সজীৱ গুলী, এম ১৬ ৰাইফল এটা ,এম ১৬ ৰাইফলৰ মেগজিন এটা আৰু গুলী ৯ জাঁই উদ্ধাৰ কৰা বুলি দাবী কৰিছে ।

ইপিনে বিয়লি কোকৰাঝাৰ আৰক্ষীয়ে তিনিওকে কোকৰাঝাৰৰ আদালতত হাজিৰ কৰায় । আৰক্ষীয়ে ১৪ দিনৰ আৰক্ষী জিন্মাত বিচাৰিছিল যদিও আদালতে জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীক মহামান্য আদালতে পাঁচদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে । ইয়াৰপিছতেই বিয়লি প্ৰায় ৫:০০ বজাত কোকৰাঝাৰ থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই কয় যে হিতেশ বসুমতাৰী , দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বিক্ৰম দৈমাৰীৱে নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা ৰচাৰ তথ্য লাভ কৰিয়ে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী থানাত এক গোচৰ (নং 09/2023 )ৰজু কৰা হৈছে । গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120 (B) /121 /121(A),122 /124(A)IPC R/W Section আৰু 16/17/18/18(A) 18(B) /19 /20/21UA (p)Act & R/w Sec 66 . I.T .এক্টত গোচৰ ৰজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখ্য যে আজি গ্ৰেপ্তাৰ হোৱা তিনিওজনে হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ট বুলি পৰিচিত আছিল । ইয়াৰে হিতেশ বসুমতাৰী বিপিএফৰ জেষ্ঠ্য নেতা আৰু দাওৰাও দেখ্ৰেব নাৰ্জাৰী বিপিএফৰ পূৰ্বৰ কোষাধ্যক্ষ আছিল । আনহাতে ঠিকাদাৰ বিক্ৰম দৈমাৰীও বিপিএফৰ সতে ঘনিষ্ট বুলি পৰিচিত । অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে হিতেশ বসুমতাৰী আৰু বিক্ৰম দৈমাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

GTM Desk

Related