কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?
New Delhi, Mar 05 (ANI): Union Home Minister Amit Shah and BJP National President JP Nadda addresses a press conference, at BJP HQ in New Delhi on Saturday. (ANI Photo)

কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি ? বিজেপিৰ সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল চলিত বৰ্ষৰ ২০ জানুৱাৰীত শেষ হ’ব। লোকসভা নিৰ্বাচন ২০২৪ৰ পৰিপ্ৰেক্ষিতত, বিজেপিয়ে নতুন সভাপতি লাভ কৰিব নে জে পি নাড্ডাই দ্বিতীয়বাৰৰ বাবে দলটোৰ দায়িত্ব ল’ব সেয়া অতি গুৰুত্বপূৰ্ণ।

ৰাজনৈতিক পৰ্যায়ত এই আলোচনা হৈয়েই আছে। বিজেপিৰ লগতে অন্য দল সমূহতো ইয়াৰ বিষয়ে চিন্তা-চৰ্চা চলিছে।সূত্ৰ অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিষয়ে ১৭ জানুৱাৰীত এক বৈঠকত সিদ্ধান্ত ল’ব পাৰে।

বিজেপিয়ে ১৬ আৰু ১৭ জানুৱাৰীত এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছে। দলটোৰ প্ৰায় সকলো জ্যেষ্ঠ নেতাই এই বৈঠকত উপস্থিত থাকিব। উল্লেখ্য যে, জেপি নাড্ডাৰ কাৰ্যকালত দলটোৱে বহু জয় দেখিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত জে পি নাড্ডায়ে সভাপতি হৈ থকাৰ সম্ভাৱণা আছে। আনহাতে কিছুমানৰ মতে নাড্ডা মোডীৰ মন্ত্ৰীসভালৈও আহিব পাৰে। লগতে বিজেপিৰ সভাপতি পদৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধান আৰু ভূপেন্দ্ৰ যাদৱৰ নামো চৰ্চাত আছে। এই দুখনৰ স্থিতি বিজেপিত ভাল। গতিকে কোন হব বিজেপিৰ পৰৱৰ্তী সভাপতি সেয়া হ’ব লক্ষণীয়।

GTM Desk

Related