“মদহে খাইছে, তেওঁলোকে কাৰোবাক মাৰিতো অহা নাই”- কাৰ ওপৰত খং উঠিল ডিম্পু বৰুৱাৰ!!

“মদহে খাইছে, তেওঁলোকে কাৰোবাক মাৰিতো অহা নাই”- কাৰ ওপৰত খং উঠিল ডিম্পু বৰুৱাৰ!!

সমাগত ভোগালী বিহু। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যত সুৰাৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষীও। আপুনি টিভি খুলিলেই হয়টো দেখা পাইছে প্ৰতিদিনাই সংবাদ শিৰোনাম দখল কৰি অহা মদ সেৱন কৰা লোকৰ ন ন ভিডিঅ’।

এনে সময়তে ৰাজ্যৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই সংবাদ মাধ্যমক একপ্ৰকাৰ সমালোচনা কৰি নীতি শিক্ষা দিয়া দেখা গৈছে। শেহতীয়াকৈ তেওঁ এক ভিডিঅ’ৰ যোগেদি সাংবাদিক আৰু সুৰা সেৱন কৰা লোকসকলক উদ্দেশ্যি এক বিশেষ বাৰ্তা প্ৰদান কৰিছে।

ভিডিঅটোত ডিম্পুয়ে কয়- সকলোতে আৰক্ষীৰ লোক থাকিব নোৱাৰে। সেয়েহে আপোনালোকে প্লিজ মদ খাই গাড়ী নচলাব। ফাইনৰ কাৰনে নহয়, পাৰিলে নিজৰ জীৱনটোৰ কাৰনে মদ খাই গাড়ী নচলাব।

ইয়াৰোপৰি ডিম্পুয়ে সাংবাদিকক উদ্দেশ্যি এক বিশেষ বাৰ্তা প্ৰদান কৰি কয়- সাংবাদিকে আৰক্ষীয়ে তালাচী কৰাৰ যি ভিডিঅ ভাইৰেল কৰি আছে। আচলতে তেনে কৰিব নালাগে। মদ খাই মানুহ জনে একো পাপ কৰা নাই। সেই মানুহজনৰো আত্মসন্মানৰ কথা চিন্তা কৰিব লাগে। কেৱল মদহে খাইছে তেওঁলোকে, কাৰোবাক মাৰিতো অহা নাই। মদ খাই গাড়ী চলাইছে, সেইটো আৰক্ষীয়ে ব্যৱস্থা ল’ব। কিন্তু সাংবাদিকসকলে এনেবোৰ ভিডিঅ ভাইৰেল কৰি তেওঁলোকৰ আত্মসন্মান লুট কৰাৰ অধিকাৰ নাই। গতিকে সাংবাদিকসকলে এই নিউজ কৰা বন্ধ কৰিব লাগে।

GTM Desk

Related