Advertisement

নগাঁৱত ২০২২-২৪ বৰ্ষৰ মধ্যকালীন অধিৱেশন, নগাঁও প্ৰেছ ক্লাৱত “কবিতাৰ এবেলা” সম্পন্ন

নগাঁৱত ২০২২-২৪ বৰ্ষৰ মধ্যকালীন অধিৱেশন, নগাঁও প্ৰেছ ক্লাৱত “কবিতাৰ এবেলা” সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভাখনি শুক্ৰবাৰে অনুষ্ঠিত হয় । নগাঁও প্ৰেছ ক্লাৱত দুপৰীয়া ১২বজাৰ পৰা অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনি জিলা সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন আৰু নগাঁও জিলা কবি সন্মিলনৰ পূৰ্ণাংগ অধিৱেশন নগাঁৱতে ২০২৪ বৰ্ষৰ পহিলাতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন,সম্পাদক পৱন শৰ্মা,মনোনীত সদস্য সঞ্জীৱ সাগৰ চৌধুৰী,সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ উপস্থিত থাকে । যুৱ কবি তথা উপন্যাসিক কৃষ্ণ দৈমাৰীক চল্লিশতম ওপজা দিনৰ অভিনন্দন জনোৱাৰ লগতে বিশিষ্ট কবি প্ৰদীপ শইকীয়াই যুৱ প্ৰজন্মৰ কবি ৰেমী শৰ্মাৰ “লাহেকৈ কোৱা কোনোবাই শুনিব” শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰে ।কাৰ্যনিৰ্বাহক সভাৰ পাছতেই ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ লগতে বনচাই প্ৰকাশনৰ সহযোগত “কবিতাৰ এবেলা” শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠানটি শুক্ৰবাৰে অনুষ্ঠিত হয়। অনুষ্ঠানত গুণ কাকতি,অশোক ৰাম ভট্টাচাৰ্য্য,দুৰ্গেশ্বৰ বৰকটকী, নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্য্য,মোলান লস্কৰ,ৰাজেন বৰা,কৰবী লিগিৰা,কবিতা বৰা, শশী কেওঁট,দিগন্ত ভাগৱতী,কৃষ্ণ দৈমাৰী,ড° নিৰ্মালি বৰা মালাকাৰ, মধু চৌধুৰী,মিনতি দেৱী কাকতি, নিজৰা শইকীয়া,কৰবী শইকীয়া, খগেশ্বৰ বৰা,লাহিৰাম বড়ো,স্নিগ্ধা ফুকন,পল্লৱী শৰ্মা,আশা বৰা মন, বন্দনা পাতৰ,লখিমী মহন্ত,আৰতি মেধি,দীপজ্যোতি কাকতি,ৰূপম নাথ,বন্দনা নাথ ঠাকুৰীয়া,পবিত্ৰী ভৰালী,জুনুমণি বৰা,মান্না ৰাজা, মোস্তাকিন শ্বেইখ,ৰাতুল শৰ্মা, যুগান্তৰ নাথ,নিৰুপ্ৰভা দেৱী,স্বপ্না দেৱী,শিখা শইকীয়া,শেৱালি শৰ্মা, প্ৰদ্যুন্ম বৰা,নৱ কাশ্যপ প্ৰমুখ্যে কবি আৰু আবৃত্তিকাৰসকলে স্বৰচিত কবিতা আৰু প্ৰয়াত কবিৰ কবিতা পাঠ কৰে । কবি মদাৰ জ্যোতি আৰু নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা অনুষ্ঠানটিত কবিতা পাঠে মুখৰিত কৰে নগাঁও প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহ ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related