জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা ৷ বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে জাগীৰোড বাইপাছৰ উৰণসেতুৰ তলত অৰ্তকিতে অভিযান চলাই এজন লোকৰ বেগৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা ৷ধৃত সৰবৰাহকাৰীজন নগাঁৱৰ বৰভেটিৰ ইজাজুল হক। জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ২০ কেজি ৭৪০ গ্রাম ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক জেৰা কৰিছে ৷
জিএমচিৰ পানী যোগান থকা সকলক জলবৰ্ডৰ পানীৰ সংযোগ ল’বলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীত পানী যোগান ধৰি আহিছিল গুৱাহাটী পৌৰ নিগমে ৷কিন্ত এতিয়াৰ পৰা মহানগৰবাসীৰ পানী যোগান ধৰিব জলবৰ্ডে ৷ এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ বৃহস্পতিবাৰে এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে
তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ মন্ত্ৰী গৰাকীয়ে নিশাটো কটাব দেৰগাঁৱত ৷ ১৫ মাৰ্চত দুপৰীয়া ভাগত শ্বাহে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ নতুন ভৱনটি উদ্বোধন কৰিব ৷ ইয়াৰ পোনে পোনে গুৱাহাটীলৈ আহি তাৰ পৰা সদৌ বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনৰ মুকলি সভাত অংশ লোৱাৰ
ইউক্ৰেইনৰ স’তে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিলে ৰাছিয়াই অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে। বুধবাৰে এই সতৰ্কবাণী দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পে লগতে জনাই যে তেওঁৰ বিশেষ দূত ষ্টিভ উইটকফে চলিত সপ্তাহৰ শেষৰ ফালে যুদ্ধবিৰতিৰ বিষয়ে আলোচনা কৰিবলৈ মস্কো ভ্ৰমণ কৰিব। ৰাছিয়াৰ স’তে ৩০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে ইউক্ৰেইন।
ক্ৰিপ্টো প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘মোষ্ট ৱান্টেড’ তালিকাত থকা এজন লিথুৱেনিয়ান ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় কেৰালাত ।আৰক্ষীয়ে জনোৱা মতে,গ্ৰেপ্তাৰ কৰা ব্যক্তিজন ক্ৰিপ্টো জালিয়াতিৰ অন্যতম ষড়যন্ত্ৰকাৰী।আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম এলেক্সেজ বাচিঅ’কভ। তেওঁ ‘গাৰাণ্টেক্স’ নামৰ এটা ক্ৰিপ্টো এক্সচেঞ্জ খুলিছিল। তেওঁ অভিযোগ অনুসৰি হেকিংকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত ক্ৰিপ্টো বিনিয়োগ কৰিছিল।এলেক্সেজৰ