গুজৰাটৰ পৰা মেঘালয়লৈ হ’ব ‘ভাৰত জোড়ো’ৰ দ্বিতীয় সংস্কৰণ 🔷 মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পোটেলে জনাইছে এই কথা 🔷 বৰ্তমানলৈ নিৰ্ধাৰণ হোৱা নাই ভাৰত জোড়ো যাত্ৰাৰ সময়সূচী
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত জম্মুৰ পৰা শ্ৰীনগৰলৈ অমৰনাথ যাত্ৰা স্থগিত। জম্মু-শ্ৰীনগৰ ঘাইপথৰ মাৰাং ৰাম্বান অঞ্চলত ভূমিস্খলন। ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ জম্মু-কাশ্মীৰৰ ট্ৰেফিক আৰক্ষীৰ।
২০১৪ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কলিয়াবৰৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা কংগ্ৰেছৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে সংসদৰ অনাস্থা প্ৰস্তাৱত বলিষ্ঠ ভাষণেৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মণিপুৰক লৈ বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ সময়ছোৱাত সদনত সাংসদগৰাকীৰ বলিষ্ঠ কণ্ঠই ব্যাপক চৰ্চা লাভ কৰিছে অসমৰ সামাজিক মাধ্যমত। বিষয়টোৰ বাবে লাভ কৰা মাত্ৰ ডেৰ ঘণ্টা সময়তে
মঙলবাৰে পুৱাই দেৰগাঁৱৰ সমীপৱৰ্তী বৰুৱাগাঁৱৰ কাকতি চুকত সংঘটিত হয় এক কৰুণ ঘটনা । দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল অনুপম ভৰালী নামৰ এজন যুৱকৰ। প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়া মতে প্ৰতিদিনা যোৱাৰ দৰেই মঙলবাৰে পুৱাও যুৱকজনে ঘৰৰ নাতিদুৰৈৰ হাবিৰ মাজত থকা নিজৰ প্ৰকাণ্ড পুখুৰীটোত মাছৰ দানা দিবলৈ গৈছিল। হাতত আছিল এটা বৰশী।
🔵 পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা, সোণাপুৰৰ আমচিঙত সংঘটিত হৈছে এই ঘটনা 🔵 ভৰিত গুলী লাগিছে আমিৰ আলীৰ, সম্প্ৰতি GMCHত চিকিৎসাধীন চিলনী চোৰটো