দোতমা: বানপানীৰ কবলত কেইবাখনো গাঁও

দোতমা: বানপানীৰ কবলত কেইবাখনো গাঁও

সমগ্ৰ ৰাজ্যতেই বানপানীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে । ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ৰামফলবিল ভিছিডিছিৰ অধীনৰ নিজুমগুৰী, বেলগুৰি, দৈমুগুৰি গৈবাৰী আদি অঞ্চলৰ কেইবাখনো গাঁও। উক্ত গাঁওকেইখন লোঙা নৈৰ বাঢ়নী পানীত ডুব যোৱাৰ পিছত গাঁওকেইখনৰ ৰাইজৰ খবৰ লবলৈ যায় বিটিচিৰ ৮নং দোতমা জনজাতি সমষ্টিৰ এমচিএলএ তথা

গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলায়ন চোৰৰ

গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলায়ন চোৰৰ

কলিয়াবৰত বৃদ্ধি পাইছে গৰুচোৰৰ উপদ্ৰৱ। প্ৰতিনিশাই গোহালিৰ পৰা চুৰি হয় গৰু। এইবাৰ গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলায়ন চোৰৰ। কলিয়াবৰৰ দাৰিগজিৰ প্ৰদীপ শইকীয়া নামৰ লোকজনৰ গোহালিৰ পৰা দুটা গৰু চুৰিৰ অপচেষ্টা চলাইছিল চোৰে। চোৰৰ দলটোৱে এৰি থৈ যায় AS 12S 3819 নম্বৰৰ মহিন্দ্ৰা KUV বাহনখন।

ভুল চিকিৎ‍সাৰ বলি হৈ ৯ মহীয়া শিশুৰ মৃত্যু

ভুল চিকিৎ‍সাৰ বলি হৈ ৯ মহীয়া শিশুৰ মৃত্যু

এটি শিশুৰ মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰিমগঞ্জত। ব্যক্তিগত হাস্পতালৰ চিকিৎ‍সাৰ ভুলৰ বাবেই মৃত্যুৰ অভিযোগ পৰিয়ালৰলোকৰ। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা। মৃত্যু হোৱা শিশুটি বাজাৰিছড়া এলেকাৰ কিশোৰ কুমাৰ পালৰ ৯ মহীয়া কন্যা। অসুস্থতাৰ বাবে শিশুটিক ভৰ্তি কৰোৱা হৈছিল লাইফ লাইন নামৰ হাস্পতালখনত। শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত SMCHলৈ প্রেৰণ

পথত ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ

পথত ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ

নগাঁও আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া- এলেকা কচুৱাৰ লুটুমাৰীৰ পাঁচশ এক জাজৰীত বন বিভাগ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে শুকুৰবাৰে পথত ভুঁই ৰুই এক প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে অতি ব্যস্ত পথটো বিগত কিছুদিন বৰষুন দিয়াৰ ফলত একাঁঠু পৰ্যন্ত বোকা হোৱাত পথটোৰে গাড়ী -মটৰ চলাচল কৰাত ব্যপাক সমস্যাত পৰিছে। পথটোৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত বাক্সা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস আৰু আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কংকন শৰ্মাৰ নেতৃত্বত হোৱা বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গো বেক, মূল্যবৃদ্ধি ৰোধ কৰক,