অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত বাক্সা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস আৰু আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কংকন শৰ্মাৰ নেতৃত্বত হোৱা বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গো বেক, মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, অসম চৰকাৰ গো বেক ইত্যাদি ধ্বনিৰে মুছলপুৰৰ আকাশ বতাহ মুখৰিত কৰে ।

বিক্ষোভ কাৰ্যসূচীৰ মাজতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কংকন শৰ্মাই চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে অসমৰ ডাইনেমিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মূল্যবৃদ্ধি ৰোধত আগভাগ লৈ জনতাক সকাহ দিবলৈ অনুৰোধ জনায় । আনহাতে বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাসে প্ৰতিবাদ স্থলীতে যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসক অকৰ্মন্য আখ্যা দিয়ে ।

Shahnawaz Hamza

Related